৯ গৰাকী ছাত্ৰীক উৎপীড়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় কেন্দ্ৰীয় বিদ্যালয়ৰ এগৰাকী অধ্যক্ষক৷ অৰুণাচল প্ৰদেশৰ উজনি সুৱনশিৰি জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অখিলেশ্বৰ সিঙক বিদ্যালয়খনৰ ন গৰাকী ছাত্ৰীক উৎপীড়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।
ভুক্তভোগীসকলে ১৭ আগষ্টত তেওঁলোকৰ পিতৃ-মাতৃৰ সন্মুখত এই কথা প্ৰকাশ কৰাৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ।দাপোৰিজো আৰক্ষী থানাৰ অ’চি টোকেন ডুবিয়ে কয় যে অভিযুক্ত অখিলেশ্বৰ সিঙৰ বিৰুদ্ধে দাপোৰিজো আৰক্ষী থানাত ৩৫৪ আইপিচি আৰ/ডব্লিউ ৭ পকচো আইনৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে।
অভিযুক্তজন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।ডুবিয়ে কয় যে ভুক্তভোগীসকলৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।
শিক্ষাৰ্থীসকলে জানিবলৈ দিয়া মতে অভিযুক্ত সিঙে তেওঁলোকে প্ৰতিৰোধ কৰা স্বত্বেও শ্ৰেণীৰ সময়ত প্ৰায়ে তেওঁলোকৰ শৰীৰ আৰু গোপনীয় অংশ স্পৰ্শ কৰিছিল।ভুক্তভোগী সকলৰ এজনে কৈছিল যে তেওঁলোকে বিদ্যালয়ৰ আন এজন শিক্ষকৰ পৰামৰ্শ অনুসৰি তেওঁলোকৰ অভিভাৱকৰ সন্মুখত ঘটনাবোৰ প্ৰকাশ কৰিছিল।তাৰ পিছত অভিভাৱকসকলে সিঙৰ বিৰুদ্ধে দাপোৰিজো আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
ছাত্ৰীসকলৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বাবে অভিভাৱকসকলে অপৰাধীৰ বাবে দৃষ্টান্তমূলক শাস্তি দাবী কৰে।