চুডানৰ খাৰ্টুমৰ পৰা ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবালৈ গৈ থকা অৱস্থাতে এখন বিমানত ঘটিল অঘটন ৷ ইথুপিয়ান এয়াৰলাইন্সৰ বিমানখন চলাই থকা অৱস্থাতে দুই পাইলট টোপনি যোৱাৰ বাবে সময়মতে অৱতৰণ কৰিব নোৱাৰিলে বিমানখনে ৷ ইয়াৰ বিপৰীতে ৩৭ হাজাৰ ফুট উচ্চতাত বিমানখন বহুসময়লৈ উৰি থাকে ৷ সোমবাৰে এই কাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে এভিয়েশ্যন হেৰল্ডে ৷ তেওঁলোকে লগতে কয় যে বিমানবন্দৰৰ কাষ চাপি অহাৰ সময়ত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে (এটিচি) সতৰ্কবাণী উত্থাপন কৰিছিল যদিও বিমানখন অৱতৰণ কৰিবলৈ আৰম্ভ কৰা নাছিল। পাইলটসকলে টোপনি যোৱাৰ সময়তে বয়িং ৭৩৭ৰ অটোপাইলট ব্যৱস্থাই বিমানখনক ৩৭ হাজাৰ ফুটত উৰুৱাই ৰাখে ৷ এ টি চিয়ে পাইলটসকলৰ সৈতে কেইবাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাছিল। যেতিয়া বিমানখনে অৱতৰণ কৰিবলগীয়া ৰাণৱেৰ ওপৰেৰে উৰি গ’ল, তেতিয়া অটোপাইলটৰ সংযোগ বিচ্ছিন্ন হৈ পৰিল।যাৰ পগলত ককপিটত তথকা এলাৰ্ম বাজি উঠে আৰু পাইলটদুজনে সাৰ পালে ৷ ইয়াৰ পিছত তেওঁলোকে ২৫ মিনিটৰ পিছত ৰাণৱেত বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হয় ৷ বিমানখনে পৰৱৰ্তী বিমান যাত্ৰাৰ পূৰ্বে প্ৰায় ২.৫০ বিভিন্ন পৰীক্ষা কৰা হয় ৷
অৱশ্যে সৌভাগ্যক্ৰমে কাৰো ক্ষতি হোৱা নাই আৰু নিৰাপদে অৱতৰণ কৰে বিমানখখনে ৷বিমান বিশ্লেষক এলেক্স মাচেৰাছেও টুইটাৰত এই ঘটনাৰ বিষয়ে পোষ্ট কৰি ইয়াক “গভীৰভাৱে উদ্বেগজনক” বুলি অভিহিত কৰিছে। তেওঁ ইয়াৰ বাবে পাইলটৰ ক্লান্তিকো দোষাৰোপ কৰে।
মে’ মাহতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷নিউয়ৰ্কৰ পৰা ৰোমলৈ বিমানখনে মাটিৰ পৰা ৩৮ হাজাৰ ফুট ওপৰত যাত্ৰা কৰাৰ সময়ত দুজন পাইলট টোপনি গৈছিল।