ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৱর্তী অঞ্চলত আজি সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনে অর্ধ-সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ কৰে ৷ এই আক্ৰমণত এজন অৰ্ধসামৰিক সেনা জোৱান নিহত হয়।
উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাৰ আনন্দ বজাৰ থানাৰ অন্তৰ্গত সীমান্তৰ সমীপৰ এক দুৰ্গম স্থানত ত্ৰিপুৰা-মিজোৰাম-বাংলাদেশ সীমান্তৰ সমীপত এন এল এফ টিৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে নির্বিচাৰ গুলীচালনা কৰে ৷ এই গুলীচালনাত জোৱানজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু শেষ নিশ্বাস ত্যাগ কৰে ৷ উত্তৰ ত্ৰিপুৰা জিলাৰ আনন্দবজাৰ থানাৰ অন্তৰ্গত বি এছ এফৰ ১৪৫ বেটেলিয়নৰ অধীনত ২ নং ছিমনাপুৰত নিয়োজিত আছিল জোৱানজন।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সীমান্তৰ সিপাৰৰ পৰা অহা উগ্ৰপন্থীয়ে জোৱানজনৰ ওপৰত গুলীচালনা কৰাৰ পিছতে চাৰিটা গুলীয়ে জোৱানজনৰ শৰীৰ থকাসৰকা কৰি পেলায় ৷ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এন এল এফ টিৰ সন্ত্ৰাসবাদীয়ে যোৱা বছৰো একেধৰণৰ আক্ৰমণ সংঘটিত কৰিছিল ৷