দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জলজীৱন মিছনৰ অধীনত আঁচনি গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ অংশ হিচাপে গাৱেঁ-ভুঞে নলৰ জৰিয়তে পানী যোগান ধৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে যে বর্তমানলৈ দেশত ১০ কোটি পৰিয়ালক টেপৰ জৰিয়তে পানীৰ সংযোগ প্ৰদান কৰা হৈছে ৷
গোৱাত জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জল উৎসৱ অনুষ্ঠানত ভাৰ্চুৱেলি ভাষণ দি তেওঁ কয় -“অমৃত কাল -সোণালী যুগৰ ইয়াতকৈ ভাল আৰম্ভণি হ’ব নোৱাৰে। প্ৰত্যেক ঘৰলৈ পানী যোগান ধৰাৰ বাবে চৰকাৰে চলোৱা অভিযানৰ এয়া এক বৃহৎ সফলতা। এয়া সকলোৰে প্ৰয়াসৰ এক মহান উদাহৰণ ৷”
তেওঁ কয় – “আমি সকলোৱে জাতি গঠনৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছো ৷ সেইবাবেই আমি বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ ওপৰত কাম কৰি আছো। যিসকলে দেশৰ প্ৰতি গুৰুত্ব নিদিয়ে তেওঁলোকে দেশৰ বৰ্তমান বা ভৱিষ্যতক লৈ শংকিত নহয় । সাতটা দশকত মাত্ৰ তিনি কোটি [৩০ নিযুত] গ্ৰাম্য পৰিয়ালক পাইপেৰে পানী সংযোগ কৰাৰ বিপৰীতে মাত্ৰ তিনি বছৰত ৭ কোটি লোকক খোৱা পানী যোগান ধৰা হৈছে ৷ “
মোদীয়ে কয় যে চৰকাৰে জল জীৱন মিছনৰ বাবে কেন্দ্ৰই ৩.৬০ লাখ কোটি ব্যয় কৰিছে আৰু ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা বাধা-বিঘিনিৰ মাজতো এই অভিযানৰ গতি মন্থৰ হোৱা নাই ৷ তেওঁ লগতে কয় যে জনসাধাৰণৰ অংশগ্ৰহণ, অংশীদাৰসকলৰ অংশগ্ৰহণ, ৰাজনৈতিক ইচ্ছাশক্তি, আৰু সম্পদৰ অনুকূল ব্যৱহাৰ জল জীৱন মিছনৰ সফলতাৰ চাৰিটা স্তম্ভ। মোদীয়ে কয় যে এই অভিযানত স্থানীয় লোক, গাঁও পৰিষদ, আৰু স্থানীয় শাসনৰ অন্যান্য প্ৰতিষ্ঠানৰ অভূতপূৰ্ব ভূমিকা আছে।