আজি নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ তথা গৱেষক ডঃ অপৰ্ণা মহন্তৰ ওপজা দিন । ১৯৪৬ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । তেওঁ শ্বিলঙত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে । ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া মহিলা । তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল । বিশ্ববিদ্যালয়খনত তেওঁ এটা ‘নাৰী শিক্ষা কেন্দ্ৰ’ মুকলি কৰিছিল । তদুপৰি যোৱাটো শতিকাৰ আশী আৰু নব্বৈৰ দশকত অসমত মহিলা সবলীকৰণৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল । প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি’ সংকলক আছিল তেওঁ । অসমীয়া প্ৰগতিশীল আলোচনী ‘আইদেউৰ জোনাকী বাট’ৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল । তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । তাৰ ভিতৰত চন্দ্ৰপ্ৰভা শইকীয়ানী, তগৰৰ দুখ আৰু অন্যান্য প্ৰবন্ধ, বিশ্ব সাহিত্যৰ অমৰ কীৰ্তি, অভিনৱ নাৰীৰ সন্ধানত, অন্য এক দৃষ্টিৰে বেজবৰুৱা, নাৰীবাদ, Journey of Assamese Women 1836-1937 আদি অন্যতম । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।