উত্তৰাখণ্ডৰ ডেৰাডুন জিলাৰ ৰায়পুৰত আজি পুৱাৰ ভাগত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত গুৰুতৰ ৰূপ ধাৰণ কৰিছে বানে। জিলাখনৰ সৰখেত গাঁৱত আজি পুৱা ২:৪৫ বজাত এই ডাৱৰ বিস্ফোৰণ হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ এই তথ্য লাভ কৰাৰ পাছতে ততাতৈয়াকৈ এছডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হয়। এছ ডি আৰ এফৰ দলটোৱে জনোৱা মতে, গাঁওখনত আবদ্ধ হৈ থকা সকলো লোককে উদ্ধাৰ কৰাৰ বিপৰীতে একাংশই ওচৰৰ এখন ৰিজ’ৰ্টত আশ্ৰয় লৈছিল।
ইফালে, কালিৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে ডেৰাডুনৰ বিখ্যাত তাপকেশ্বৰ মহাদেৱ মন্দিৰৰ সমীপৰে বৈ অহা তামছা নৈয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যাৰ বাবে মাতা বৈষ্ণো দেৱী গুহা যোগ মন্দিৰ আৰু তপকেশ্বৰ মহাদেৱৰ সংযোগ বিছিন্ন হৈ পৰিছে ৷ দুয়োটা মন্দিৰক সংযোগ কৰি ৰখা দলং উটুৱাই নিছে বানে ৷
আনহাতে, আজি পুৱা ধাৰাসাৰ বৰষুণৰ ফলত জম্মু-কাশ্মীৰৰ ৰেছি জিলাৰ কটৰা নগৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰৰ সমীপত বানপানীয়ে গুৰুতৰ ৰূপ ধাৰণ কৰে ৷ প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ বাবে মাতা বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তৰ যাত্ৰা কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল।
মন্দিৰ কমিটীয়ে সদৰী কৰা অনুসৰি -“প্ৰবল বৰষুণৰ পৰিপ্ৰেক্ষিতত কটৰাৰ পৰা বৈষ্ণো দেৱী মন্দিৰলৈ তীৰ্থযাত্ৰীসকল ওপৰলৈ যোৱাটো বন্ধ কৰা হৈছে। ইতিমধ্যে আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) মোতায়েন কৰা হৈছে, পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে। এতিয়ালৈকে কোনো অশুভ ঘটনাৰ খবৰ পোৱা নাই।’ ইয়াৰ পূৰ্বে জুলাই মাহত অমৰনাথত ডাৱৰ বিস্ফোৰণ ঘটিছিল ৷ যাৰ পিছত অমৰনাথলৈ যোৱা পথটো ক্ষতিগ্ৰস্ত হৈছিল আৰু কিছুদিনৰ বাবে যাত্ৰা স্তব্ধ হৈ পৰিছিল ৷