তিনিমাহৰ অন্তত জামিন লাভ বিতোপন চাংমাই নামৰ যুৱকজনৰ ৷ যোৱা তিনিমাহ ধৰি শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল আমগুৰিৰ বালিপথাৰৰ ২৩ বছৰীয়া যুৱক বিতোপন চাংমাই ৷ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ ফেচবুক প’ষ্টত মন্তব্য কৰি ৰাষ্ট্ৰদোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিতোপন ৷
অৱশ্যে বৃহস্পতিবাৰে শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে আৰু আজি সেয়েহে তিনিমাহৰ অন্তত বন্দীত্বৰ পৰা মুক্তি লাভ কৰিব ২৩ বছৰীয়া যুৱকজনে ৷