ভাৰতৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ বৰ্তমান বিপদ মুক্ত বুলি চিকিৎসকসকলে ঘোষণা কৰাৰ পিছতে আজি এই কথা তেওঁৰ অনুৰাগী সকলক জানিবলৈ দিয়ে তেওঁৰ ভাতৃ দীপু শ্ৰীবাস্তৱে ৷
১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত ভেণ্টিলেটৰত আছিল ভাৰতৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ । যোৱা ১৮ আগষ্টত তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটা বুলি জানিব পৰা গৈছিল ।অভিনেতাগৰাকীৰ ভাতৃ দীপুৱে আজি এটা বাৰ্তা শ্বেয়াৰ কৰি কয় যে যে তেওঁ এতিয়াও চিকিৎসালয়ত আছে বৰ্তমান বিপদ মুক্ত অভিনেতাগৰাকী ।
৫৮ বছৰীয়া কৌতুক অভিনেতাজন ট্ৰেডমিলত থকাৰ সময়ত বুকুৰ বিষৰ অনুভৱ কৰিছিল আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
শ্ৰীবাস্তৱ দেশৰ এজন প্ৰসিদ্ধ আৰু সফল কৌতুক অভিনেতা। তেওঁ ১৯৮০ ৰ দশকৰ শেষৰ ফালৰ পৰা সমগ্ৰ দেশবাসীকে মনোৰঞ্জন দি সমাদৰ বুটলিবলৈ সক্ষম হৈছে ।আনহাতে তেওঁ বৰ্তমান উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।