আম আদমী পার্টী(আপ)ৰ নেতাৰ বিৰুদ্ধে চিবিআাই অভিযান চলিলেও স্তব্ধ হৈ পৰা নাই দলীয় কাম-কাজ ৷ বিশেষকৈ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ বাসগৃহত চিবিআাইয়ে তালাচী চলোৱাৰ পাছতে আজি নির্বাচনী প্ৰচাৰৰ বাবে গুজৰাটলৈ যাব আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ ৰাজ্যখনত উপস্থিত হ’ব ৷
আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সৈতে জড়িত কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ তদন্তৰ সন্মুখীন হোৱা দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই এই ভ্ৰমণত সংগ দিব কেজৰিৱালক ৷ সোমবাৰে আহমেদাবাদত উপস্থিত হৈ হিম্মতনগৰত এখন টাউন হলৰ সভাত ভাষণ দিব আপ নেতাগৰাকীয়ে । মঙলবাৰে ভৱনগৰত এখন টাউন হলৰ সভাতো তেওঁ অংশ ল’ব।
এক টুইটত তেওঁ কয় -“সোমবাৰে মই আৰু মণীষ ছিছোডিয়া দুদিনৰ বাবে গুজৰাটলৈ গৈ শিক্ষা আৰু স্বাস্থ্যৰ নিশ্চয়তা প্ৰদান কৰিম। দিল্লীৰ দৰে গুজৰাটতো থাকিব ভাল স্কুল, ভাল হস্পিতাল, মহল্লা ক্লিনিক। সকলোৱে বিনামূলীয়া আৰু ভাল শিক্ষা আৰু ভাল চিকিৎসা লাভ কৰিব। আমি যুৱক-যুৱতীসকলৰ সৈতেও মত বিনিময় কৰিম।’
দিল্লীৰ আবকাৰী নীতি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ছিছোডিয়াৰ ঘৰত তালাচী চলোৱাৰ উপৰি কেইবাটাও স্থানত অভিযান চলোইছিল
ইয়াৰ পূৰ্বে উত্তৰ গুজৰাট ভ্ৰমণৰ সময়ত কেজৰিৱালে ৰাজ্যখনৰ জনসাধাৰণক বিনামূলীয়া বিদ্যুৎ যোগানৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱাৰ উন্নতিলৈকে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল।