ৰাছিয়াই ইউৰোপলৈ যোৱা মুখ্য পাইপলাইনৰ ৰক্ষণাবেক্ষণৰ কথা ঘোষণা কৰাৰ ফলত বিশ্বব্যাপী তৰলীকৃত প্ৰাকৃতিক গেছৰ যোগান হ্ৰাস হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰাৰ লগতে এছিয়াতো তৰলীকৃত প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷
ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে আজি উৎপাদকসকলে শীতকালৰ বাবে প্ৰতি নিযুত ব্ৰিটিছ থাৰ্মাল ইউনিটত ৬০ ডলাৰৰ ওপৰত এলএনজি স্পট কাৰ্গো আগবঢ়ায় ।
জানিব পৰা মতে ৩১ আগষ্টত তিনি দিনীয়া তত্বাৱধানৰ বাবে মুখ্য নৰ্ড ষ্ট্ৰীম পাইপলাইন বন্ধ কৰা হ’ব, যাৰ ফলত হয়তো ইউৰোপৰ মূল্যই এক অভিলেখকাৰী স্থিতি লাভ কৰিব।
আনহাতে এছিয়াৰ তৰলীকৃত প্ৰাকৃতিক গেছৰ ব্যৱসায়ীসকলে উদ্বেগ প্ৰকাশ কৰিছে যে এই সংযোগ পৰিকল্পনা অনুসৰি সেৱালৈ পুনৰ ঘূৰি নাহিব কাৰণ ৰাছিয়াই ইয়াৰ আটাইতকৈ ডাঙৰ গ্ৰাহক দেশ ইউৰোপলৈ বিতৰণ ক্ৰমান্বয়ে হ্ৰাস কৰাৰ পিছত বিশ্বৰ বজাৰবোৰতো ই অধিক কঠোৰ হ’ব ।
আমেৰিকা যুক্তৰাজ্য, কাটাৰ আৰু নাইজেৰিয়াকে ধৰি যোগানকৰ্তাসকলৰ পৰা এলএনজি চালানৰ বাবে ইউৰোপ আৰু এছিয়া পোনপটীয়াকৈ প্ৰতিযোগিতাত নামিছে।ইফালে জাপান আৰু দক্ষিণ কোৰিয়াই বৰ্তমান শীতকালৰ বাবে অধিক স্পট এলএনজি ক্ৰয় কৰিবলৈ বিচাৰিছে, যি বছৰটোৰ এই সময়ৰ বাবে এল এন জিৰ মূল্য সৰ্বোচ্চ স্তৰলৈ ঠেলি দিয়াত সহায় কৰিব।