প্ৰলোভনেৰে এজন হিন্দু লোকক ইছলাম ধর্মলৈ ধর্মান্তৰিত কৰাৰ ষড়যন্ত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শালবাৰীত ৷ ঘটনাৰ বিবৰণী অনুসৰি শালবাৰীৰ পাকৰেগুৰী গাৱঁৰ ৰাজু আর্য নামৰ লোকজনক ৭ লাখ টকা প্ৰদানৰ লগতে আন আন বিভিন্ন সা-সুবিধা প্ৰদানৰ প্ৰলোভনেৰে ধর্মান্তকৰণৰ চেষ্টা কৰে ৷ পাকেৰীগুৰি গাৱঁৰ সমীপৰ গাৱঁৰে বাসিন্দা আব্দুল আলী আৰু খবিৰুল হক নামৰ দুজন লোকে এই দুষ্কার্য সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ বিষয়ে অৱগত স্থানীয় এজন লোকে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি ৰাজু আর্যক আব্দুল আৰু খবিৰুলে ৭ লাখ টকা প্ৰদানৰ উপৰি ঘৰ বনাই দিয়া, মুছলিম ছোৱালীৰে বিয়া পাতি দিয়া আদি প্ৰলোভনেৰে নি হাউলীৰ জামে মছজিদত ধর্মান্তকৰণ কৰে ৷ আনকি আদালতত শপতনামাৰ জৰিয়তে ৰাজু আর্যৰ নাম ওমৰ ফাৰুকলৈ সলনি কৰে ৷ স্থানীয় লোকসকলে এই দুষ্কার্যৰ কথা গম পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ স্থানীয় লোকসকলে আব্দুল আৰু খবিৰুল জেহাদী কার্যকলাপত জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত কৰিলে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলিও স্থানীয় লোকসকলে মত প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে গৰুৰ বেপাৰৰ সৈতে জড়িত আব্দুলক শালবাৰীৰ বজাৰত প্ৰায়ে লগ পাইছিল ৰাজুৱে ৷ সেই সুত্ৰে দুয়োৰে মাজত চিনা পৰিচয় ঘটিছিল ৷