ভাৰতত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা কৰা দুধর্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ এজন বোমাৰু ৰাছিয়াত আটক কৰা হৈছে ৷ সোমবাৰে ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে (এফ এছ বি)য়ে প্ৰকাশ কৰিছে এই তথ্য ৷
এক বিবৃতিত তেওঁলোকে কয়- ‘ৰাছিয়াৰ এফ এছ বিয়ে ৰাছিয়াত নিষিদ্ধ কৰা আইছিছ সংগঠনৰ এজন সদস্যক আটক কৰে ৷ মধ্য এছিয়াৰ এখন দেশৰ স্থানীয় বাসিন্দাজনে ভাৰতৰ এজন শীর্ষ ৰাজনৈতিক নেতাক আত্মঘাতী আক্ৰমণেৰে উৰুৱাই দিয়াৰ পৰেইকল্পনা কৰিছিল ৷ “বিবৃতিটোত আৰু কোৱা হৈছে যে আটক কৰা লোকজনক আইছিছে তুৰস্কৰ পৰা আত্মঘাতী বোমাৰু হিচাপে নিয়োগ কৰিছিল ৷ এই সন্দর্ভত তদন্ত অব্যাহত ৰখা হৈছে ৷
আইছিছ আৰু ইয়াৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা সন্ত্ৰাসবাদী সংগঠন সমূহক কেন্দ্ৰীয় চৰকাৰে অবৈধ কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ অধীনত নিশেধ কৰা হৈছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতে, আইছিছে নিজৰ মতাদৰ্শ প্ৰচাৰৰ বাবে বিভিন্ন ইণ্টাৰনেট ভিত্তিক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি আছে। এই সন্দৰ্ভত সংশ্লিষ্ট সংস্থাসমূহে চাইবাৰস্পেচত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।