শেহতীয়াকৈ গুজৰাটৰ ভিন্ন স্থানত বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰ হোৱা সন্দর্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে ৷ মুন্দ্ৰা আৰু পুপাৱভকে ধৰি গুজৰাটৰ কেইবাটাও বন্দৰৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰাকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মৌনতা”ক লৈ গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰে।
গান্ধীয়ে টুইটযোগে কয় –‘হাজাৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ গুজৰাটলৈ আহিছে ৷ মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ পবিত্ৰ ভূমিত কোনে এই বৰবিহৰ ব্যৱসায় কৰি আছে ?’ বাৰে বাৰে ড্ৰাগছ জব্দ কৰাৰ পিছতো বন্দৰৰ মালিকজনক এতিয়ালৈকে কিয় সোধা-পোছা কৰা হোৱা নাই বুলিও তেওঁ প্ৰশ্ন কৰে। গুজৰাটত ড্ৰাগছৰ বেহা চলোৱা সকলকক এতিয়াও এনচিবি আৰু অন্যান্য চৰকাৰী সংস্থাই কিয় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলিও গান্ধীয়ে প্ৰশ্ন কৰে ৷
মুম্বাই আৰক্ষীৰ এণ্টি নাৰ্কটিকছ চেলে (এএনচি) গুজৰাটত এটা মেফেড্ৰন নিৰ্মাণকাৰী ইউনিটৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত ১০২৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল ৷
তেওঁ কয় –“প্ৰধানমন্ত্ৰী মহোদয়, আপুনি কিমান দিনলৈ মৌন হৈ থাকিব, উত্তৰ দিব লাগিব।“গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলে কচ্চ জিলাৰ মুন্দ্ৰা বন্দৰত থকা এটা কণ্টেইনাৰৰ পৰা যোৱা মাহত জব্দ কৰিছিল ৩৭৬ কোটি মূল্যৰ হেৰ’ইন ৷