গজলৰ বাবে বিখ্যাত পাকিস্তানী গায়িকা নায়ৰা নুৰৰ ২১ আগষ্টত দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি নুৰ কৰাচীত কিছু সময়ৰ বাবে চিকিৎসাধীন হৈ আছিল। দেওবাৰে তেওঁৰ পৰিয়ালে সামাজিক মাধ্যমৰ জৰিয়তে বাতৰিটো প্ৰকাশ কৰিছিল।
নুৰৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত ৷ অসমত অনুষ্ঠিত সৰ্বভাৰতীয় মুছলিম লীগৰ এগৰাকী সক্ৰিয় সদস্য আছিল তেওঁৰ দেউতাক যি ১৯৪৭ চনত বিভাজনৰ আগতে তেওঁলোকৰ গৃহ ৰাজ্যত মহম্মদ আলী জিন্নাক আতিথ্য দিছিল। বিভাজনৰ পিছত নুৰৰ মাতৃও পাকিস্তানলৈ গুচি গৈছিল আৰু তেওঁৰ সন্তানৰ সৈতে কৰাচীত বসতি স্থাপন কৰিছিল আনহাতে তেওঁৰ দেউতাক ১৯৯৩ চনলৈকে অসমত আছিল।
সংগীতৰ কোনো আনুষ্ঠানিক বা শাস্ত্ৰীয় প্ৰশিক্ষণ অবিহনে, নুৰে তেওঁৰ কলেজৰ দিনতো গান গাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁ লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছত অধ্যয়ন কৰিছিল য’ত তেওঁক বিশ্ববিদ্যালয়ৰ ৰেডিঅ’ পাকিস্তান অনুষ্ঠানৰ বাবে গান গাবলৈ কোৱা হৈছিল।
১৯৭১ চনত তেওঁ পাকিস্তানী দূৰদৰ্শন ধাৰাবাহিকৰ সৈতে পেছাদাৰী গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে আৰু ঘৰানা (১৯৭৩) আৰু তানসেন (১৯৪৩)ৰ দৰে চলচ্চিত্ৰত গান গাবলৈ আগবাঢ়ে।
চাৰি দশকজুৰি চলি থকা কেৰিয়াৰত নুৰে তেওঁৰ সুমধুৰ কণ্ঠস্বৰৰ বাবে ‘বুলবুল-ই-পাকিস্তান’ উপাধিসহ কেইবাটাও সন্মান লাভ কৰিছিল। তেওঁ লাভ কৰা অন্যান্য বঁটাসমূহৰ ভিতৰত আছে ২০০৬ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অফ পাৰফৰ্মেন্স বঁটা, ঘৰানা (১৯৭৩) চলচ্চিত্ৰত শ্ৰেষ্ঠ নেপথ্য মহিলা গায়িকাৰ বাবে নিগৰ বঁটা আৰু বাৰ্ষিক অল পাকিস্তান মিউজিক কনফাৰেন্স কনচাৰ্টত তিনিটা সোণৰ পদক ।
আমানত আলী, আদনান চামি, অভিনেতা আৰু গায়ক আলী জাফৰ, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হুমায়ুন ছাইদ আৰু পাকিস্তান হাই কমিছনকে ধৰি বহু লোকে গায়িকা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত টুইত কৰা দেখা গৈছে ৷
Just learned the sad news that legendary singer Nayyara Noor Sahiba has passed away.
She was an icon & her contribution to music will be remembered & loved forever…My deepest heartfelt condolences to her family…
إِنَّا لِلّهِ وَإِنَّـا إِلَيْهِ رَاجِعون
🤲#RIP pic.twitter.com/I2koLcwl7e
— Adnan Sami (@AdnanSamiLive) August 20, 2022
নুৰৰ স্বামী প্ৰবীণ পাকিস্তানী টেলিভিছন অভিনেতা শ্বেহৰিৰ জাইদী আৰু তেওঁলোকৰ সৰু পুত্ৰ জাফৰ জৈদী, যি বৰ্তমান কাভিশ সংগীত বেণ্ডৰ মুখ্য কণ্ঠশিল্পী আৰু তেওঁলোকৰ ডাঙৰ পুত্ৰ নাদ-এ-আলী যি ইতিমধ্যে এগৰাকী একক কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছে।