প্ৰাৰ্থীৰ যোগ্যতা সম্প্ৰসাৰণৰ অনুমতি প্ৰদান কৰা হ’ল মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত ৷ বিবাহিত মহিলা আৰু মাতৃকো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে শেহতীয়াকৈ অনুমতি প্ৰদান কৰাৰ খবৰে উৎফুল্লিত কৰিছে সমগ্ৰ বিশ্বৰ মহিলাসকলক ৷ ২০২৩চনৰ পৰা এই প্ৰতিযোগিতাত প্ৰতিযোগিসকলৰ বাবে যোগ্যতাৰ চৰ্ত বৈবাহিক স্থিতি বা মাতৃত্বৰ স্থিতিৰ ওপৰত নিৰ্ভৰ নহ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে ৷
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি প্ৰতিযোগিতাত খিতাপ দখল কৰা প্ৰতিযোগী সকলে ইয়াৰ পিছত ১৮মাহৰ বাবে মিছ ইউনিভাৰ্ছ সংগঠনৰ সৈতে হোৱা চুক্তি অনুসৰি অবিবাহিত হৈ থাকিবলগাটো আছিল বাধ্যতামূলক ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে ২০২৩ চনৰ পৰা মিছ উনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ বাবে যোগ্যতাৰ চৰ্ত বৈবাহিক স্থিতি আৰু অভিভাৱক স্থিতিৰ ওপৰত নিৰ্ভৰ নহ’ব।
২০২০ৰ ঐতিহাসিক মিছ ইউনিভাৰ্চ মেক্সিকোৰ এন্দ্ৰিয়া মেজায়ে মিছ ইউনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা চলি থকা এই নিয়মৰ সলনিক প্ৰশংসা কৰিছে। লগতে ইয়াৰ প্ৰতিষ্ঠিত নিয়মবোৰক ‘অবাস্তৱ’ বুলি মন্তব্য কৰি মেজাই কয় যে তেওঁ সচাঁকৈ ভাল পাইছে যে মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত প্ৰাৰ্থীৰ যোগ্যতা সম্প্ৰসাৰিত হ’ব। সমাজৰ পৰিৱৰ্তন হৈছে ৷ বৰ্তমান মহিলাসকল নেতৃত্ব পদত অধিষ্ঠিত হ’বলৈ ধৰিছে যি অতীতত কেৱল পুৰুষেই কৰিব পাৰিছিল। ইয়াৰোপৰি তেওঁ কয় যে, সময় অনুসৰি প্ৰতিযোগিতা সলনি হোৱা আৰু পৰিয়াল থকা মহিলাসকলৰ বাবে পথ মুকলি কৰি দিয়া ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
আানহাতে মেজায়ে বৰ্তমানলৈ চলি থকা নিয়মসমূহক যৌনতাবাদী আৰু অবাস্তৱ বুলি সমালোচনা কৰে যিয়ে তেওঁলোকৰ বিজয়ী বাছনি কৰাৰ প্ৰক্ৰিয়াত সৰ্বাধিক দৰ্শকক আকৰ্ষণ কৰিব।