১) দোকানৰ উত্তৰ তথা পুৱৰ ফালে ৰাস্তা তথা প্ৰৱেশদ্বাৰ হ’লে দোকানৰ সমৃদ্ধি বাঢ়ে।
২) দোকানৰ সামগ্ৰী ৰাখিবৰ বাবে আলমাৰি , ৰেক ইত্যাদি দক্ষিণ আৰু পশ্চিম ভাগত ৰাখিব লাগে।
৩) কাউণ্টাৰ দক্ষিণী আগ্নেয় দিশত হোৱা উচিত। উত্তৰ অথবা ঈশান দিশত কাউণ্টাৰ ৰখা উচিত নহয়।
৪) দোকানৰ আচবাব -পত্ৰ ৰাখিবৰ বাবে ফাৰ্ণিচাৰ কাঠৰ দাৰা নিৰ্মিত হোৱা উচিত।
৫) দোকানৰ মালিক পূৱ অথবা উত্তৰ মুখ হৈ বহিব লাগে।
৬) দোকানত পানীৰ সুবিধা ঈশান কোনৰ পিনে ৰাখিব লাগে।
৭) বিজুলীৰ মিটাৰ আগ্নেয় কোণত ৰাখিব লাগে।
৮) কেছ কাউণ্টাৰ উত্তৰৰ ফালে অথবা পশ্চিমৰ ফালে নাইবা পূৱৰ ফালে ৰখা উচিত।
৯) যি সামগ্ৰী সোনকালে বিক্ৰী হয় , সেই সামগ্ৰী বায়ব্য কোণৰ উত্তৰাংশত ৰাখিব লাগে। ইয়াৰ দ্বাৰা লাভ সুনিশ্চিত হয়।