বেছিভাগ ভাৰতীয়ই তেওঁলোকৰ পুৱাবোৰ একাপ গৰম চাহেৰে আৰম্ভ কৰে। চাহ প্ৰকৃততে ভাৰতত পানীয় নহয়, অধিক আৱেগহে। অসম চাহৰ ৰাজ্য। অসমৰ ক্ষেত্ৰতো সৰ্বাধিক জনপ্ৰিয় আৰু সকলোৰে প্ৰিয় পানীয় চাহকাপ।
একাপ চাহে পৰিয়ালটোক কাষ চপাই আনে, বহুতৰ মাজত বন্ধুত্ব গঢ়ি তোলে আৰু আপুনি একাপ চাহ আগত লৈ প্ৰিয়জনৰ সৈতে অন্তহীন কথোপকথন কৰিব পাৰে।
তথ্য অনুসৰি ভাৰতত কমেও ৬বিধ বিভিন্ন প্ৰকাৰৰ চাহ আছে। বগা, হালধীয়া, সেউজীয়া, ওলং (বা ৱুলং) আৰু ক’লা (চীনত ৰঙা চাহ বুলি কোৱা হয়) আৰু কিণ্বিত হোৱাৰ বা ৰাসায়নিক পৰিৱৰ্তনৰ পিছৰ চাহ।
ভাৰতৰ বিভিন্ন অঞ্চলৰ বিশেষ বিশেষ প্ৰকাৰৰ চাহে মানুহৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ সমানে সমানে স্বাস্থ্যৰ বাবেও উপকাৰী বুলি চিহ্নিত হৈছে।
ভাৰতৰ এনে ৮ বিধ চাহে স্থানীয় মানুহ তথা পৰ্যটকক সদায়েই আকৰ্ষণ কৰি আহিছে। এই চাহবোৰ অঞ্চল বিখ্যাত হোৱাৰ লগতে ইয়াৰ স্বাস্থ্যজনিত লাভালাভো উল্লেখযোগ্য।
মচলা চাহ: ভাৰতৰ আটাইতকৈ বিখ্যাত পানীয়বোৰৰ ভিতৰত মচলা চাহ অত্যন্ত জনপ্ৰিয়। কেইবাবিধো ভাৰতীয় মচলা যেনে ডালচেনি, লং, ইলাচী আদিৰে এই চাহ তৈয়াৰ কৰা হয়। এই চাহৰ কেইবাটাও স্বাস্থ্যজনিত উপকাৰিতা আছে। যেনে, ৰোগ প্ৰতিৰোধ প্ৰণালী নিৰ্মাণ কৰা, হজমত সহায় কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা।
অসম চাহ: অসম চাহ বাগিচা আৰু বিভিন্ন ধৰণৰ চাহৰ বাবে বিখ্যাত। অসমৰ চাহৰ ৰং ক’লা। এই চাহ ইয়াৰ অবয়ব, গাঢ়তা, ভিন্ন সোৱাদ আৰু উজ্জ্বল ৰঙৰ বাবে জনাজাত। অসম চাহত এণ্টিঅক্সিডেণ্ট থাকে আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে। ই ৰক্তচাপ আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ।
দাৰ্জিলিং চাহ: দাৰ্জিলিঙত বিভিন্ন প্ৰকাৰৰ চাহ পোৱা যায়। বগা, ক’লা, সেউজীয়া আৰু ওলং। এই সকলোবোৰ চাহে গেষ্ট্ৰিক আলচাৰ আৰু মেদবহুলতা প্ৰতিহত কৰাত সহায় কৰে।
দুপৰীয়া চাহ বা নুন টি: ইয়াক কাশ্মীৰী চাহ বুলিও কোৱা হয়। এই চাহ সাধাৰণতে চামোবৰ নামৰ পৰম্পৰাগত পাত্ৰত তৈয়াৰ কৰা হয়। ৰাজস্থান আৰু নেপালৰ বহু ঠাইত দুপৰীয়া চাহ পৰিৱেশন কৰা হয়। এই চাহ বুকুৰ জ্বলা-পোৰা আৰু ফুলা প্ৰতিহত কৰিবলৈ অত্যন্ত উপকাৰী বুলি জনাজাত।
ইৰাণী চাহ: এই ক্ৰীমি চাহ পুনে আৰু হায়দৰাবাদত বিখ্যাত। এই চাহ আন যিকোনো ভাৰতীয় চাইতকৈ পৃথক কিয়নো তেওঁলোকে ক’লা চাহত মাৱা বা খোয়া যোগ কৰে। ইৰাণী চাহে হৃদযন্ত্ৰ আৰু মুখৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
বাটাৰ চাহ: গুৰ গুৰ চাই নামেৰেও জনাজাত, এই চাহ লাডাখ আৰু ছিকিমত অত্যন্ত জনপ্ৰিয়। ইয়াক পৰম্পৰাগতভাৱে চাহপাত, য়াকৰ গাখীৰ মাখন, পানী আৰু নিমখৰ পৰা তৈয়াৰ কৰা হয়। বাটাৰ চাহে হজম শক্তি বৃদ্ধি কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু জ্ঞানীয় কাৰ্য উন্নত কৰে।
কাশ্মীৰী কাহৱা: এই সৰল চাহ ডালচেনি, কেশৰ, ইলাচী, শুকান গোলাপৰ পাহি আৰু সেউজীয়া চাহৰ সৈতে প্ৰস্তুত কৰা হয়। ই হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
নীলগিৰি চাহ: এই চাহক নীল পাহাৰীয়া চাহ বুলিও জনা যায়। নীলগিৰি চাহ ইয়াৰ সুগন্ধি তথা সোৱাদৰ বাবে বিশ্বজুৰি বিখ্যাত। ই ওজন হ্ৰাস কৰা, মুখৰ স্বাস্থ্য উন্নত কৰা আৰু ডায়েবেটিচৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰে।
চাহৰ গুণাগুণ অলেখ। কিন্তু ৰোগ অনুযায়ী চাহ কেতিয়াবা মাৰাত্মকো হৈ পৰে। গতিকে চাহ সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব অথবা আপোনাৰ শৰীৰৰ বাবে অপকাৰী দ্ৰব্যসমূহ এৰাই চলিব।