প্ৰায় ১৪বছৰ ধৰি গুগলৰ বাবে কাম কৰা গুগলৰ প্ৰাক্তন কৰ্মচাৰী সাজিথ শিৱানন্দক ডিজনী হটষ্টাৰৰমুৰব্বী ৰূপে নিযুক্তি দিয়া হৈছে ৷ ডিজনী প্লাছৰ সভাপতি ৰেবেকা কেম্পবেল আৰু কে মাধৱনে দ্বৈত প্ৰতিবেদনত উল্লেখ কৰিছে যে অক্টোবৰৰ পৰা শিৱানন্দনে ডিজনী হটষ্টাৰৰ তেওঁৰ নতুন দায়িত্ব পালন কৰিব ৷
উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰতৰ আগশাৰীৰ ষ্ট্ৰীমিংসেৱা ডিজনী ইণ্টাৰনেশ্যনেল কনটেণ্ট এণ্ড অপাৰেশ্যনে সাজিথ শিৱানন্দক ইয়াৰ কাৰ্যবাহী উপ-সভাপতি আৰু ডিজনী হটষ্টাৰৰ মুৰব্বী হিচাপে নিযুক্ত কৰিছে ৷
ডিজনী প্লাছৰ সভাপতি ৰেবেকা কেম্পবেলে এই সন্দৰ্ভত কয় যে সাজিথে তেওঁলোকৰ কাৰ্যবাহী দলত যোগদান ডিজনী হটষ্টাৰত নতুন দলটোৰ নেতৃত্ব দিয়াত তেওঁ যথেষ্ট আনন্দিত ৷ কিয়নো এই ক্ষেত্ৰত তেওঁ বহু অভিজ্ঞ শিৱানন্দৰ শক্তিশালী নেতৃত্ব আৰু ব্যৱসায় ব্যৱস্থাপনা দক্ষতাৰ সৈতে মিলি ডিজনী হটষ্টাৰক যথেষ্ট লাভান্বিত কৰিব কাৰন এই প্লেটফৰ্মে ইয়াৰ বিকাশৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰিছে ৷
শিৱানন্দনে ভাৰতত ডিজনী হটষ্টাৰৰ সামগ্ৰিক ব্যৱসায়িক কাৰ্যকলাপৰ তত্বাৱধান কৰাৰ লগতে ষ্ট্ৰীমিং সেৱাৰ কৌশলগত ব্যৱসায়িক লক্ষ বিকশিত কৰাৰ বাবে প্ৰতক্ষ দায়িত্ব পালন কৰাৰ লগতে ডিজনী হটষ্টাৰৰ সম্প্ৰসাৰণত সহায় কৰিবলৈ তেওঁ বিদেশত স্থানীয় নেতৃত্ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজনী হটষ্টাৰ দলৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে সহযোগিতা আগবঢ়াব ৷