বিজুলী শক্তি উৎপাদনৰ ক্ষেত্ৰত এইবাৰ বিশেষ গুৰুত্ব প্ৰদান কৰিব ভাৰতে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰমাণৱিক শক্তিৰ বিকাশৰ জৰিয়তে বিজুলী শক্তি উৎপাদনত গুৰুত্ব আৰোপ কৰিছে ৷ইয়াৰ মাজতে দেশত আন এক বৃহৎ পাৰমাণৱিক প্ৰকল্প গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ এই বৃহৎ পাৰমাণৱিক প্ৰকল্প গঢ়ি তুলিবলৈ উদ্যোগ গ্ৰহণ কৰিছে এনটিপিচি লিমিটেড আৰু পাৰমাণৱিক শক্তি নিগমে ৷ মধ্যপ্ৰদেশত দুটা ৭০০ মেগাৱাট ৰিয়েক্টৰ নিৰ্মাণৰ বাবে চৰকাৰৰ সৈতে দুয়োটা প্ৰতিষ্ঠানে আলোচনা অব্যাহত ৰাখিছে ৷
চলিত মাহৰ আৰম্ভণিতে এনটিপিচিয়ে হাৰিয়ানাৰ গোৰখপুৰত দুটা ৰিয়েক্টৰৰ সৈতে পাৰমাণৱিক শক্তি প্ৰকল্প আৰম্ভ কৰিব বিচাৰিছে ঘোষণাৰ পিছতে পুনৰ আন দুটা নতুন প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই প্ৰকাশ কৰা অনুসৰি দেশত বৰ্তমান ছয় গিগাৱাট পাৰমাণৱিক ক্ষমতা নিৰ্মাণ কৰি থকা হৈছে ৷
২০৭০ চনৰ ভিতৰত দেশখনে কাৰ্বন নিৰ্গমন শূন্য কৰিবলৈ চেষ্টা কৰাৰ পৰিকল্পনা ঘোষণা কৰা হৈছে ৷ সম্প্ৰতি পাৰমাণৱিক শক্তিৰ পৰা প্ৰায় ৩ শতাংশ আৰু কয়লা ব্যৱহাৰ কৰি ৭০ শতাংশ বিজুলী বর্তমান দেশত উৎপাদন কৰা হয় ৷