২০২০ চনত কভিড মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত বিমানেৰে নিজৰ শ্ৰমিকক বিহাৰৰ ঘৰলৈ পঠোৱা এজন কাঠফুলাৰ খেতিয়কৰ মৃতদেহ বুধবাৰে দিল্লীৰ এটা মন্দিৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয়।
৫৫ বছৰীয়া পাপ্পন সিং গেহলটে নিজৰ কৰ্মচাৰীসকলক মহামাৰীৰ সময়ত ঘৰলৈ উভতি যাবলৈ বিমানৰ টিকট কৰি দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ তেওঁৰ সহায়ৰ বাবে শ্ৰমিকসকলে লকডাউনৰ সময়ত সুকলমে নিজৰ ঘৰত উপস্থিত হ’বলৈ সক্ষম হৈছিল ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ আলিপুৰ অঞ্চলৰ ঘৰৰ সন্মুখত থকা মন্দিৰৰ চিলিং ফেনত ওলমি থকা অৱস্থাত কৃষকজনক উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এখন চুইচাইড নোটও উদ্ধাৰ কৰে ৷ য’ত গেহলটে আত্মহত্যাৰ কাৰণ ‘অসুস্থতা’ বুলি উল্লেখ কৰিছে।
হাহিঁ ধেমালি কৰি ভাল পোৱা ব্যক্তি হিচাপে পৰিচিত গেহলটে দেশৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পাছত কৰ্মচাৰীসকলক পুনৰবাৰ বিমানেৰে আনি কাম কৰাৰ সুযোগ প্ৰদা কৰিছিল ৷