মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাৰ্ষিক সাধাৰণ সভা (এজিএম) অহা ২৯ আগষ্টত অনুষ্ঠিত হ’ব।কৰ্পৰেট গোষ্ঠীটোৱে বৈঠকৰ বিষয় সম্পৰ্কে কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই যদিও বহু প্ৰত্যাশিত জিঅ’ ৫জি সেৱা আৰু জিঅ’ফোন ৫জি মুকলি কৰিব পাৰে বুলি আশা কৰা হৈছে ৷
প্ৰকাশ পোৱা অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৫জি সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰাৰ লগতে ইয়াক কেনেকৈ আৰু কেতিয়া ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ হ’ব তাৰ সবিশেষ তথ্য প্ৰদান কৰিব ৷ শেহতীয়াকৈ জিঅ’ই ঘোষণা কৰিছিল যে ভাৰতৰ ১০০০ খন চহৰত তেওঁলোকৰ ৫জি সেৱা প্ৰদানৰ বাবে সাজু হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি প্ৰথম পৰ্যায়ত ৫জি সেৱা লাভ কৰিবলগীয়া চহৰকেইখন হৈছে –
নতুনদিল্লী,চণ্ডীগড়,গুৰুগ্ৰাম,মুম্বাই,গান্ধীনগৰ,আহমেদাবাদ,জামনগৰ,পুনে,লক্ষ্ণৌ,কলকাতা, বেংগালুৰু, হায়দৰাবাদ আৰু চেন্নাই