চলিত বৰ্ষৰ ১১জুনত দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ সমীপত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এগৰাকী ১৩ বছৰীয়া কিশোৰী আৰতি তুৰীৰ হত্যাকাণ্ডই সমগ্ৰ অসমতে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত হুগ্ৰাজুলিৰ প্ৰজাপথাৰ গাঁৱৰ আৰতিৰ পিতৃ ৰাজু তুৰীৰ ঘৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল ক্ষীপ্ৰ তদন্তৰ প্ৰতিশ্ৰুতি ৷আনকি কিশোৰী গৰাকীৰ হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিলম্বিত হৈছিল দৰং জিলাৰ আৰক্ষী অধীক্ষক ,অতিৰিক্ত আৰক্ষী অধীক্ষক ৷
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন কৰা এছ আই টিৰ দলে আৰতিৰ বাসগৃহত উপস্থিত হৈ তদন্ত আগবঢ়াই আৰু আজি দ্বিতীয়বাৰলৈ আৰতিৰ গৃহত এছ আই টিৰ দল ৷ এছ আই টিৰ লগতে উপস্থিত হয় ফৰেনছিক আৰু চি আই ডিৰ দলো ৷ অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসলকৰ দলে গাঁত খান্দি উদ্ধাৰ কৰে ১৩ বছৰীয়া দুৰ্ভগীয়া কিশোৰী গৰাকীৰ মৃতদেহ ৷
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে অকালতে মৃত্যুক আঁকোৱালি লোৱা আৰতিৰ মৃতদেহ ৷