ক্ৰমাৎ স্বাস্থ্যৰ উন্নতি ঘটিছে জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ ৷ হৃদৰোগত আক্ৰান্ত হোৱা কমেডিয়ানগৰাকী বিগত ১৫ দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত বৃহস্পতিবাৰে সংজ্ঞা ঘুৰি আহিছে ৷ তেওঁৰ ব্যক্তিগত সচিব গৰ্ভিত নৰঙে প্ৰকাশ কৰা অনুসৰি যে ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে যদিও তেওঁক চিকিৎসকে নিৰীক্ষণ কৰি আছে। ৫৮ বছৰীয়া কমেডিয়ান গৰাকীক যোৱা ১০ আগষ্টত এইমছত ভৰ্তি কৰোৱা হৈছিল
দিল্লীৰ এখন জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত বুকুৰ বিষ অনুভৱ কৰি ঢলি পৰিছিল ৰাজু। জিমৰ প্ৰশিক্ষকে লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায় ৷ চলিত সপ্তাহৰ আৰম্ভণিতে ৰাজুৰ কন্যা অন্তৰাই সংবাদ সংস্থা পিটিআইক জনাইছিল যে, “তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও অচেতন হৈ আছে । চিকিৎসকে তেওঁৰ চিকিৎসা কৰি আছে।”
যোৱা সপ্তাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰৰ মাজতে তেওঁৰ পত্নী শিখাই মানুহক ‘উৰাবাতৰি বিয়পাই নিদিবলৈ’ আহ্বান জনাইছিল ৷ কিয়নো উৰা বাতৰিয়ে তেওঁলোকৰ মনোবল হ্ৰাস কৰে ৷ অভিনেতা শেখৰ সুমনেও ৰাজুৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰিছিল। ষ্টেণ্ড আপ কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ (২০০৫)ৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰি ৰাজুৱে খ্যাতি লাভ কৰে। হিন্দী ছবি যেনে বাজিগৰ, মাইনে প্যাৰ কিয়া, আমদানী আথানি খাৰচা ৰূপৈয়া, বোম্বাই টু গোৱা আদি ছবিতো তেওঁ অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ উন্নয়ন পৰিষদ উত্তৰ প্ৰদেশৰ অধ্যক্ষ।