ভাৰতীয় নৌসেনাই অহা ২ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে লাভ কৰিব দেশৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্ত ৷ এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ অহা ২ ছেপ্তেম্বৰৰ পৰা ৪৫ হাজাৰ টন ওজনৰ যুদ্ধ জাহাজখন কাৰ্যক্ষম কৰা হ’ব। যোৱা বছৰৰ ২১ আগষ্টৰ পৰা আইএনএছ বিক্ৰান্তৰ একাধিক পৰ্যায়ৰ সাগৰীয় পৰীক্ষা সম্পূৰ্ণ হৈছে। নৌসেনাৰ কমাণ্ড থকাৰ পিছতেই অনুষ্ঠিত হ’ব বিমান পৰিবহণৰ পৰীক্ষা।
উল্লেখ্য যে আইএনএছ বিক্ৰান্ত হৈছে ভাৰতত নিৰ্মিত আটাইতকৈ ডাঙৰ যুদ্ধ জাহাজ ৷ ২০,০০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জাহাজখনৰ ডিজাইন কৰিছে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰোৱে ৷ ৰাজহুৱা খণ্ডৰ নিৰ্মাতা কোম্পানী কোচিন শিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰিছে আইএনএছ বিক্ৰান্ত। ইয়াৰ লগে লগে ভাৰতে নিজাকৈ বিমানবাহী জাহাজৰ ডিজাইন আৰু নিৰ্মাণ কৰিব পৰা ক্ষমতা থকা আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীন আৰু ফ্ৰান্সৰ দৰে দেশৰ সৈতে একে শাৰীত থিয় হ’বলৈ সক্ষম হ’ল ৷ এক দশকৰো অধিক সময় ধৰি যুদ্ধ জাহাজখনৰ নির্মাণৰ কাম চলি আছিল। ২০০৭ চনৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু কোচিন শিপয়াৰ্ড লিমিটেডৰ মাজত তিনিটা পৰ্যায়ত চুক্তি সম্পন্ন হৈছিল ৷
নৌসেনাই সদৰী কৰা অনুসৰি মিগ-২৯কে যুঁজাৰু বিমান আৰু হেলিকপ্টাৰকে ধৰি ৩০খন বিমান অৱতৰণ কৰিব পাৰিব ৷ ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ বহল যুদ্ধ জাহাজখনত ১৬০০ জন থকাৰ সুবিধা আছে ৷ ইয়াত মহিলা বিষয়া আৰু নাৱিকৰ বাবে বিশেষ কেবিনকে ধৰি প্ৰায় ২২০০ টা কম্পার্টমেণ্ট আছে। কেইবাটাও পৰীক্ষাগাৰ, চিটি স্ক্যানাৰ, এক্স-ৰে মেচিন, আইছ’লেচন ৱাৰ্ড, দুটা অস্ত্ৰোপচাৰ কক্ষকে ধৰি শেহতীয়া সঁজুলিৰে সৈতে ১৬ খন বিচনাযুক্ত হাস্পতাল থাকিব ৷