নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে দিয়া বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠনৰ লগতে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাবলৈ পৰামর্শ দিছে আজি উচ্চতম ন্যায়ালয়ে । ইয়াক লৈ ৰুজু হোৱা গোচৰত বিদায়ী মুখ্য ন্যায়াধীশ এন ভি ৰমনাই
কয়- ” গণতন্ত্ৰত প্ৰকৃত ক্ষমতা যে ভোটাৰৰ হাতত আছে, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। ভোটাৰে দল আৰু প্ৰাৰ্থীৰ বিচাৰ কৰে। আমি বিষয়টো চাবলৈ বিশেষজ্ঞ সমিতি গঠন কৰাৰ মত পোষণ কৰিছো। যোৱা শুনানিত আমি সৰ্বদলীয় সভা আহ্বান কৰিবলৈ কেন্দ্ৰক প্ৰস্তাৱ দিছিলো।”কেইবাটাও ৰাজনৈতিক দলে শুনানিৰ সময়ত যুক্তি দিছিল যে এয়া বিনামূলীয়া সামগ্ৰী নহয়, জনসাধাৰণৰ বাবে কল্যাণমূলক ব্যৱস্থাহে।
উচ্চতম ন্যায়ালয়ে একেধৰণৰ গোচৰত ২০১৩ চনত প্ৰদান কৰা ৰায়ৰ পুনৰ বিবেচনাৰ বাবে দাখিল কৰা আবেদনৰ ক্ষেত্ৰত তিনিজনীয়া বিচাৰপীঠে সিদ্ধান্ত ল’ব বুলিও ৰায় দিয়ে। আজি উচ্চতম ন্যায়ালয়ে কয় “এই বিষয়ৰ ওপৰত বিতৰ্ক হ’বই লাগিব। বিষয়টো গুৰুতৰ, ইয়াত কোনো সন্দেহ নাই। প্ৰশ্ন হয়, সকলো ৰাজনৈতিক দলে কিয় বৈঠকত মিলিত নহয় ৷ ভাৰত চৰকাৰে ইয়াৰ বাবে এখন বৈঠক আহ্বান কৰিব পাৰে।”