পাকিস্তানত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়াবহ বানপানীৰ ফলত ৯৩৭ জনতকৈও অধিক লোকৰ মৃত্যু হয় ৷ যাৰ বাবে শেহতীয়াকৈ দেশখনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে দেশখনত হোৱা এই নেৰানেপেৰা বৰষুণক ‘জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা এক ভয়াবহ মানৱীয় সংকট’ বুলি অভিহীত কৰিছে ৷
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এনডিএমএ) দিয়া শেহতীয়া তথ্য অনুসৰি ১৪ জুনৰ পৰা আজিলৈকে দেশ খনত বৰষুণ আৰু বানপানীৰ ফলত সৰ্বমুঠ ৩০৬ জন লোকে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে ৩৪৩ টা শিশুসহ কমেও ৩০ নিযুত লোক আশ্ৰয়হীন হৈছে।
ইফালে বেলুচিস্তানত ২৩৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে খাইবাৰ পাখতুনখোৱা আৰু পঞ্জাৱ প্ৰদেশত ক্ৰমান্বয়ে ১৮৫ আৰু ১৬৫ জন লোক মৃত্যু মুখত পৰিছে। আনহাতে পাকিস্তান অধিকৃত কাশ্মীৰত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গিলগিট-বাল্টিস্তান অঞ্চলত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
অস্বাভাৱিক ভাৱে বৃদ্ধি পাবলৈ ধৰা বৰষুণৰ ফলত সমগ্ৰ দেশতে, বিশেষকৈ পাকিস্তানৰ দক্ষিণ অংশত আকস্মিক বানপানীৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়তো প্লাবিত হৈ আছে দেশখনৰ বহু অঞ্চল ৷
পাকিস্তানৰ ২৩ খন জিলাক ইতিমধ্যে “দুৰ্যোগ-পীড়িত” বুলি ঘোষণা কৰা হৈছে।
দেশখনৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বেৰী ৰেহমানে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে দেশখনৰ এই দুৰ্যোগৰ সময়ত এটা “যুদ্ধ কক্ষ” স্থাপন কৰিছে, যি সমগ্ৰ দেশতে সাহায্য অভিযানৰ নেতৃত্ব দিব। তেওঁ কয় যে নেৰানেপেৰাকৈ হৈ থকা এই ভয়াবহ বৰষুণে সাহাৰ্য অভিযানৰ বাবে হেলিকপ্টাৰ চলোৱাৰ ক্ষেত্ৰটো কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
পাকিস্তানৰ এই দুৰ্যোগৰ সময়ছোৱাত দেশখনক প্ৰায় এক মিলিয়ন তম্বুৰ প্ৰয়োজন হোৱাৰ লগতে বেলুচিস্তানে ১,০০,০০০ তম্বু দাবী কৰিছে ৷ বান বিধ্বস্ত দেশখনে এই ভয়াবহ দুৰ্যোগৰ সময়চোৱাত অন্যান্য দেশ সমূহৰ পৰাও সহযোগিতা কামনা কৰিছে ৷