টকিঅ‘ অলিম্পিকত জেভেলিন থ্ৰ’ত সোণৰ পদক উপহাৰ দি দেশবাসীৰ নয়নৰ মনি হৈ পৰা নীৰজ চোপ্ৰাক লৈ মানুহৰ উৎসুকতাৰ অন্ত পৰা নাই। অলিম্পিকৰ সময়ত কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিছিল সেই লৈও চৰ্চা হৈছে অনুৰাগীৰ মাজত।
অনুৰাগীৰ উৎসুকতাৰ অন্ত পেলাই অলিম্পিক প্ৰস্তুতিৰ সময়ত খেলুৱৈ জনে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিছিল,সেই সন্দৰ্ভত তেওঁ নিজেই খাদ্য তালিকাখন ৰাজহুৱা কৰিছে।
চোপ্ৰাৰ সুন্দৰ স্বাস্থ্যৰ লগতে শাৰীৰিক সক্ষমতাৰ ৰহস্য হৈছে
(১) প্ৰতিযোগিতাৰ সময়ছোৱাত খেলুৱৈজনে মেদজাতীয় আহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰিছিল।
(২) খাদ্য তালিকাত পাতলীয়া আহাৰ সংযুক্ত কৰিছিল।যাতে কোনো কাৰণতে তেওঁৰ ওজন বৃদ্ধি নহয়।
(৩) মূলতে কেচা পাচলি আৰু ফল-মূলৰ চালাদ প্ৰচুৰ পৰিমাণে খাইছিল।
(৪)ৰাতিপুৱাৰ খাদ্য তালিকাত গ্ৰিলড চিকেন, ডিমও খেলুৱৈ জনে খাইছিল।
(৫)শৰীৰত পানীৰ পৰিমাণ মজুত ৰাখিবলৈ প্ৰচুৰ ফলৰ ৰস পান কৰিছিল।
(৬) বিশেষকৈ ৱৰ্ক আউটৰ সময়তো নিজৰ পচন্দমতে ভালপোৱা ফলৰ ৰস সেৱন কৰিছিল।