হাৰিয়ানাৰ আম্বালা জিলাৰ বুলানা গাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ পুৱা বিচনাতে উদ্ধাৰ কৰা হ‘ল একেটা পৰিয়ালৰ ৬জন সদস্যৰ মৃতদেহ ৷ ৫ আৰু ৭ বছৰীয়া দুই শিশুসহ মৃত অৱস্থাত উদ্ধাৰ কৰা হ’ল দুহাল দম্পতীক।
মৃত লোক কেইজন ক্ৰমে সংগৎ ৰাম (৬৫), তেওঁৰ পত্নী মহিন্দ্ৰ কৌৰ, সুখৱিন্দৰ সিং (৩৪), আৰু তেওঁৰ পত্নী ৰীণা আৰু সুখৱিন্দৰ সিঙৰ দুগৰাকী কন্যা ক্ৰমে আছু (৫) আৰু জাছি (৭) বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নৈশ আহাৰ গ্ৰহণ কৰাৰ পিছতেই শুই পৰিছিল পৰিয়ালটোৰ আটাইকেইজন সদস্য ৷ কিন্তু পুৱা বিচনাৰ পৰা উঠা নাছিল এজনো ৷ কেনেকৈ ,কি পৰিস্থিত দুই কণমানি শিশুসহ পৰিয়ালটোৰ লোককেইজনে এনেকৈ মৃত্যুক আকোৱালি ল’ব লগা হ’ল সেই ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ৷
অৱশ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আনহাতে ঘটনা সন্দৰ্ভত স্থানীয় লোকক সোধা পোছাও অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখনীয় যে আজি আছিল পৰিয়ালটোৰ কণিষ্ঠতম কন্যাৰ ওপজাদিন ৷ উক্ত শোকাবহ ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোতে পৰিছে গভীৰ শোকৰ ছাঁ ৷