যোৱা ২৫ আগষ্টত এগৰাকী মহিলাৰ পৰা অনলাইন জালিয়াতিৰে লুটি নিয়া প্ৰায় ১১ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চিআইডিৰ চাইবাৰ চেলে ৷ এজাহাৰ লাভ কৰাৰ পাছতে বেংকৰ সৈতে ফোন আৰু ই-মেইলৰ জৰিয়তে যোগাযোগ কৰি বেংকৰ পৰা ধনসমূহ উলিয়াই নিয়াত বাধা আৰোপ কৰিবলৈ সক্ষম হয় চিআইডি ৷ ভুক্তভোগী মহিলাগৰাকীক এই ধন ওভতাই দিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি পাঞ্জাৱ নেচনেল বেংকৰ বিষয়া বুলি নিজকে পৰিচয় দি প্ৰৱঞ্চকে মহিলা গৰাকীলৈ ফোন কৰিছিল ৷ এখন চেক অনুমোদনৰ বাবে তেওঁৰ মোবাইললৈ অহা এটা অ’টিপি শ্বেয়াৰ কৰিবলৈ কয় ৷ লগে লগে মহিলাগৰাকীয়ে অ’টিপি শ্বেয়াৰ কৰে ৷ ইয়াৰ পাছতে তেওঁৰ বেংকৰ ধন হৰলুকি হয় ৷ লগে লগে তেওঁ চিআইডিৰ চাইবাৰ চেলক খবৰ দিয়ে ৷ যাৰ ভিত্তিত চিআইডিয়ে অভিযান আৰম্ভ কৰি ধনসমূহ বেংকৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ সক্ষম হয় ৷
নিতৌ অনলাইন প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে ৷ কাৰো সৈতে অ’টিপি শ্বেয়াৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে চাইবাৰ অপৰাধৰ বলি হ’লে ১৯৩০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷