২৬ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস ৷ কিন্তু আপুনি জানেনে কিয় পালন কৰা হয় এই দিৱস ৷ এই দিৱসৰো আছে বিশেষ তাৎপর্য ৷
ইতিহাস:
আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস প্ৰথমবাৰৰ বাবে ২০০৪ চনত পশু কল্যাণ কৰ্মী তথা পোহনীয়া জন্তুৰ জীৱনশৈলী বিশেষজ্ঞ কলিন পেইজে উদযাপন কৰিছিল। তেওঁ এই দিৱস ২৬ আগষ্টত পালন কৰাৰ আৰঁত আছে এটা বিশেষ কাহিনী ৷ কিয়নো সেই দিনটোটে তেওঁৰ পৰিয়ালে স্থানীয় পশু আশ্ৰয় শিবিৰৰ পৰা প্ৰথমটো কুকুৰ “শ্বেলটি”ক প্ৰতিপালনৰ বাবে আনিছিল ৷ পৰিয়ালটোৱে শ্বেলটিক নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ সময়ত কলিনৰ বয়স আছিল ১০ বছৰ।
তাৎপৰ্য্য:
কলিন পেইজৰ মতে, “সকলো জাত আৰু প্ড়জাতিৰ কুকুৰক সমৰ্থন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস পালন কৰা হয় ৷ অনৈতিক ভাৱে প্ৰজনন কৰা কুকুৰ পোহপাল দিয়াৰ পৰিৱর্তে উদ্ধাৰ কৰা কুকুৰ প্ৰতিপালন কৰা কার্যক অধিক উৎসাহিত কৰাটো এই দিৱসৰ অন্যতম লক্ষ্য ৷
কুকুৰ দিৱসৰ অফিচিয়েল ৱেবছাইটত এইদৰে কোৱা হৈছে – “আমাৰ উদ্দেশ্য হৈছে জনসাধাৰণক উদ্ধাৰ কৰিবলগীয়া কুকুৰ চিনাক্ত কৰিবলৈ সহায় কৰা ৷” লগতে কয় যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ দৰে ব্যক্তিয়ে এই বিশেষ দিনটোক সমৰ্থন কৰিছে।
আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱসৰ উপৰিও কলিন ৰাষ্ট্ৰীয় কুকুৰ পোৱালি দিৱস, ৰাষ্ট্ৰীয় মেকুৰী দিৱস, আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱসৰ প্ৰতিষ্ঠাপক।