মাদাৰ টেৰেছাৰ ১৯১০ চনৰ ২৬ আগষ্ট তাৰিখে যুগোশ্লোভিয়াৰ স্কোপজি নামৰ প্ৰায় ২৫ হাজাৰ বসতিপূৰ্ণ সৰু নগৰত জন্ম হৈছিল। তেওঁৰ দেউতাক এগৰাকী প্ৰতিষ্ঠিত ঘৰ নিৰ্মাতা আৰু মাক এগৰাকী খ্ৰীষ্টান ধৰ্মত দীক্ষিত ধাৰ্মিক মহিলা আছিল।
মাদাৰ টেৰেছাই সৰু কালৰে পৰাই এক ধৰ্মীয় পৰিবেশত ডাঙৰ-দীঘল হৈছিল । খ্ৰীষ্টান ধৰ্মীয় অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও অনা কেথলিক শিক্ষানুষ্ঠানতো তেওঁ শিক্ষা গ্ৰহণ কৰিছিল।
মাদাৰ টেৰেছাৰ জন্মৰ ৮ বছৰ পিছতেই দেউতাকৰ মৃত্যু হোৱাত তেওঁ বেছিদিন দেউতাকৰ সান্নিধ্য লাভ কৰিব নোৱাাৰিলে । মাকৰ তত্বাৱধানতে ডাঙৰ হোৱা মাদাৰ টেৰেছাই মাকৰ পৰাই ধৰ্মীয় শিক্ষা লাভ কৰিছিল আৰু মাকে তেওঁক ভগৱানৰ লগতে ওচৰ চুবুৰীয়াকো ভাল পাবলৈ শিক্ষা দিছিল। মাকৰ পৰামৰ্শ মতে তেওঁ সৰুৰে পৰা ধৰ্মীয় কাম-কাজ বিলাকত অংশ গ্ৰহণৰ কাৰণে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ ১২ বছৰ বয়সতে নান হোৱাৰ কথা মাকক জনাইছিল।
টেৰেছাৰ সৰুতে মতা নাম আছিল এগনেছ। ইমান কম বয়সতে নান হ’বলৈ বিচৰাত মাকে আপত্তি কৰিছিল আৰু গীৰ্জাইও তেওঁক নান হিচাপে স্বীকৃতি দিব বিচৰা নাছিল। উপযুক্ত শিক্ষাৰে শিক্ষিত নহ’লে মানৱ সেৱা কৰা সম্ভৱ নহয় গতিকে এগনেছে মাকৰ কথামতেই পঢ়া-শুনাৰ প্ৰতি মনোযোগ দিয়ে। সেই সময়তে যুগোশ্লোভিয়াৰ পৰা কিছুমান খ্ৰীষ্টান মিছনেৰী আহি কলিকতা আৰু ভাৰতৰ আন কিছুমান ঠাইত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু শিক্ষা দিছিল। মিছনেৰী সকলে ভাৰতৰ স্কুলবোৰলৈ চিঠি প্ৰেৰণ কৰিছিল আৰু শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীক চিঠিবোৰ পঢ়ি শুনাইছিল। এগনেছে চিঠিবোৰ পঢ়ি কলিকতা আৰু ইয়াৰ মানুহবোৰৰ দুৰ্দশাৰ বিষয়ে জানিব পাৰি সহায় আৰু সেৱা কৰিবলৈ মন মেলিছিল।
১৯২৫ চনৰ ৩০ ডিচেম্বৰত যুগোশ্লভিয়াৰ মিছনেৰী দল কলিকতালৈ আহিছিল যদিও এগনেছৰ বয়স কম থকা বাবে এগনেছ আহিবলৈ সুবিধা নাপালে। ভগৱানৰ ইচ্ছামতে তেওঁৰ ১৮ বছৰ বয়সত এই সুবিধা আহিল। ১৯২৮ চনৰ ২৯ নভেম্বৰত দ্বিতীয় এটা মিছনেৰী দল কলিকতালৈ আহিবলৈ প্ৰস্তুত হোৱাত এগনেছে ভাৰতলৈ আহিবলৈ সুযোগ পালে। কলিকতাত কিছুদিন থকাৰ পিছত এগনেছ দাৰ্জিলিঙলৈ গ’ল আৰু দাৰ্জিলিঙৰ কাঞ্চনজংঘাত মিছনেৰী লৰাটো কনভেণ্টত নশিকাৰ হিচাপে মানৱ সেৱাৰ কাম আৰম্ভ কৰিছিল। তাত তেওঁ দুঘণ্টাকৈ সৰু সৰু লৰা-ছোৱালীক শিক্ষা দান কৰাৰ উপৰিও বঙালী আৰু হিন্দী ভাষাও শিকিব লগীয়া হৈছিল।
১৯৩১ চনৰ ২৪ মাৰ্চ তাৰিখে প্ৰশিক্ষণ শেষ হোৱাৰ পিছত চিষ্টাৰ টেৰেছা হিচাপে পৰিচিত হৈছিল। ইয়াৰ পিছত তেওঁক কলিকতাৰ ইনটেশীত অৱস্থিত চেইণ্ট মেৰী স্কুলত প্ৰথমতে সহকাৰী শিক্ষয়িত্ৰী আৰু পিছত অধ্যক্ষা হিচাপে ১৭ বছৰ কাম কৰে। এইখন স্কুলত ঘাত-মাউৰা লৰা-ছোৱালী বোৰক শিক্ষা দান কৰিছিল।
দৰিদ্ৰ-পীড়িত জনগণৰ সেৱাৰ কাৰণে উচ্চতৰ গীৰ্জা কতৃপক্ষৰ অনুমতিত চেইণ্ট মেৰী স্কুল ত্যাগ কৰি নান হিচাপে নীলা পাৰীৰ শাড়ী পৰিধান কৰি পৰৱৰ্তী জীৱন মানৱ সেৱাত আত্মনিয়োগ কৰিছিল।
মাদাৰ টেৰেছাই কলিকতাত মিছনেৰী অৱ চেৰিটি প্ৰতিষ্ঠা কৰি বহুতো জনকল্যান মূলক কাম কৰিছিল। শিক্ষা সেৱাৰ লগতে তেওঁ সামাজিক কাম-কাজৰ ক্ষেত্ৰতো তেওঁ শিশু কল্যাণ আৰু শিক্ষা আঁচনি গ্ৰহণ কৰিছিল। গৃহহীনৰ কাৰণে বাসগৃহ , অবিবাহিত মহিলাৰ বাসগৃহ , নিশা আশ্ৰয় দান , দুৰ্গত সকলৰ খাদ্য আৰু বস্ত্ৰ দান আৰু কিছুমান পৰিয়ালক জৰুৰী সাহাৰ্য প্ৰদান কৰিছিল।
চিকিৎসা সেৱাৰ ক্ষেত্ৰতো মিছনেৰী অৱ চেৰিটিৰ চিকিৎসালয় বিলাকৰ জৰিয়তে পক্ষাঘাত ৰোগী সকলক চিকিৎসালয় , যক্ষ্মাৰোগী , ক্লিনিক আৰু যক্ষ্মাৰোগী কেন্দ্ৰ বিলাকৰ যোগেদি চিকিৎসাৰ ব্যৱস্থা কৰিছিল। পৰিত্যক্ত ল’ৰা-ছোৱালী , শাৰীৰিক আৰু মানসিক বিকাৰগ্ৰস্ত ল’ৰা-ছোৱালী , বেমাৰী আৰু মূমূৰ্ষ অৱস্থাত থকা লোক , এইডচ ৰোগী , টি .বি ৰোগীৰো চিকিৎসাৰ ব্যৱস্থা কৰিছিল।
মাদাৰ টেৰেছাই তেওঁৰ মানৱ সেৱাৰ স্বীকৃতি স্বৰূপে বিশ্বৰ বিভিন্ন সংস্থা আৰু চৰকাৰৰ পৰা বহুতো পদক , সন্মান , শিক্ষামূলক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৬২ চনত মেগেচেচে বঁটা আৰু ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটা , ১৯৭১ চনত পোপজন ত্ৰয়োবিংশ শান্তি পুৰস্কাৰ , জন এফ কেনেডি ইণ্টাৰনেচনেল পুৰস্কাৰ , ১৯৭২ চনত জৱাহৰলাল নেহৰু পুৰস্কাৰ, ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ মুদ্ৰা পুৰস্কাৰ , ১৯৭৯ চনত নোবেল শান্তি বঁটা , ১৯৮০ চনত ভাৰত ৰত্ন সন্মান , , অক্সফোৰ্ড ডক্টৰেট ডিগ্ৰী , আদি বহুতো বঁটা-বাহন তেওঁৰ জীৱিত কালত লাভ কৰিছিল যদিও তেওঁ এই সকলোবোৰ বঁটা-বাহন মানৱ সেৱাৰ কাৰণে উছৰ্গা কৰিছিল । পুৰস্কাৰৰ বিপৰীতে পোৱা ধনেৰে মানৱ সেৱাৰ কাৰণে নিয়োজিত কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰোতে ব্যয় কৰিছিল।
মাদাৰ টেৰেছা হৈছে মানৱ জাতিৰ বাবে এটা ঈশ্বৰৰ দান। যি গৰাকী মহিয়সী নাৰীক শান্তি বা দেৱদূত বুলি অভিহিত কৰা হয়। তেওঁ গোটেই জীৱন দুখীয়া লোকৰ সেৱাৰ বাবে উছৰ্গা কৰিছিল । তেওঁ বিশ্বাস কৰিছিল যে ‘ মানৱ সেৱাই ঈশ্বৰ সেৱা ‘।
এনে এগৰাকী মহিয়সী নাৰীৰ ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত কলিকতাত দেহাৱসান ঘটে। আজি ওপজা দিনত এগৰাকী মহিয়সী , আৰ্তজনৰ দেৱী স্বৰূপ ,সমাজ সেৱিকা মাদাৰ টেৰেছালৈ শ্ৰদ্ধা জনাইছোঁ। তেওঁৰ অদম্য চেষ্টা , দৰিদ্ৰ -নিপীড়িত জনলৈ সহায়ৰ হাত , কঠোৰ শ্ৰম আৰু নিস্বাৰ্থ সেৱাই যুগে যুগে অনুপ্ৰেৰণা হৈ থাকিব সকলোৰে হৃদয়ত।