গোৱাত এক শ্বু্টিঙৰ সময়ত অভিনেত্ৰী তথা বিজেপি নেত্ৰী সোণালী ফোগাটৰ ৰহস্যজনক মৃত্যুৰ পাছতে পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ অভিনেত্ৰীগৰাকীৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ পাছতে গোৱা আৰক্ষীয়ে ক্ষীপ্ৰতৰ কৰিছে তদন্ত ৷ ইপিনে ফোগাটৰ হত্যাকাণ্ড সন্দর্ভত এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ উপৰি মৃত্যুৰ আগদিনা নিশা পাৰ্টিত অংশগ্ৰহণ কৰা গোৱাৰ ৰেষ্টুৰেণ্টখনৰ মালিকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ইয়াৰ লগে লগে হাৰিয়ানাৰ বিজেপি নেত্ৰীগৰাকীৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে। কাৰ্লিৰ ৰেষ্টুৰেণ্টৰ মালিক এডউইন নুনেছ আৰু ড্ৰাগছ ব্যৱসায়ী দত্তপ্ৰসাদ গাঁওকাৰৰ দুজন সহযোগী সুধীৰ সাংৱান আৰু সুখৱিন্দৰ সিঙক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ সংবাদ সংস্থা পিটিআইত প্ৰকাশ পোৱা অনুসৰি সাংৱান আৰু সিঙে আৰক্ষীৰ আগত “স্বীকাৰ কৰিছে” যে তেওঁলোকে গাঁওকাৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল।
ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰী, তেওঁক মৃত বুলি ঘোষণা কৰা চিকিৎসালয়খন আৰু গাড়ী চালককে ধৰি আৰক্ষীয়ে এই গোচৰত এতিয়ালৈকে ২৫ জনতকৈ অধিক লোকক জেৰা কৰিছে ৷
সোমবাৰে অঞ্জুনা বীচ্চৰ বিখ্যাত ৰেষ্টুৰেণ্ট-কম-নাইটক্লাবত থকা ফোগাটক ছাংৱান আৰু সিঙে পানীৰ সৈতে মিহলাই বলপূৰ্বকভাৱে “কিছুমান নিচাযুক্ত সামগ্ৰী” খাবলৈ বাধ্য কৰাইছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷ ৰির্জটখনৰ কেমেৰাৰ ফুটেজ পৰীক্ষাৰ পাছত এই তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷
চিচিটিভি ফুটেজত দেখা পোৱা অনুসৰি নিজে খোজ কাঢ়ি যাব পৰা অৱস্থাত নাছিল ফোগাট ৷ যাৰ বাবে সুধীৰ আৰু সুখৱিন্দৰে তেওঁক ধৰি ধৰি তেওঁক হোটেললৈ লৈ গৈছিল ৷
ফোগাটৰ মৃত্যুৰ কাৰণ প্ৰথমে হৃদৰোগ বুলি সদৰী কৰা হৈছিল ৷ কিন্তু তেওঁৰ পৰিয়াল আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰৰ হস্তক্ষেপত গোৱা আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছিল। ২০০৮ চনৰ পৰা বিজেপিৰ সৈতে থকা সোণালী ফোগাটে ২০১৯ চনৰ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল ৷