চিনেমাৰ কায়দাৰে পুনেৰ পৰা দুজন লোকৰ পৰা দুবৃর্ত্তই লুটি নিলে ৩ কোটি ৬০ লাখ টকা ৷ এই ডকাইতিৰ ঘটনা সংঘটিত হৈছে পুনে-ছোলাপাৰা সংযোগী ৰাজপথত ৷ ঘটনাৰ বিবৰণী অনুসৰি শুকুৰবাৰে পুৱতি নিশা এই ডকাইতিৰ ঘটনা সংঘটিত হৈছে ৷ ভৱেশ কুমাৰ পেটেল আৰু বিজয়ভাই নামৰ দুজন লোকে এখন গাড়ীৰে এই বৃহৎ পৰিমানৰ ধন লৈ গৈছিল ৷ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ইন্দাপুৰ পোৱাৰ সময়তে এটা স্পীড ব্ৰেকাৰৰ ওচৰত কেইবাজনো লোকে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে ৷ কিন্তু লোককেইজনে গাড়ীখন লৈ সেই স্থানৰ পৰা দ্ৰুত গতিৰে আঁতৰি যায় ৷ লগে লগে দুর্বৃত্তৰ দলটোৱে গাড়ীখন অনুসৰন কৰে ৷ মটৰ চাইকেল আৰু গাড়ীৰে দুর্বৃত্তৰ দলটোৱে অনুসৰণ কৰাৰ লগতে গুলীচালনা কৰে ৷ যাৰ বাবে বাহনখন ৰৈ যাবলৈ বাধ্য হয় ৷ লগে লগে দুর্বৃত্তৰ দলটোৱে গাড়ীখনত থকা লোককেইজনক আক্ৰমণ কৰাৰ লগতে টকা লৈ উধাও হয় ৷
অৱশ্যে কি কাৰণত লোক দুজনে ইমান টকা লগত লৈ গৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ এই ধন হাৱালা ৰেকেটৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে ৷