নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া,পাঠেক,ধৰ্মপৰায়ণ সৰবৰহী ব্যক্তি ৰবীন্দ্ৰ নাথৰ আকস্মিক পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত বাতৰি মতে ৰবীন্দ্ৰ নাথে জামুগুৰিৰ তিনিশ বছৰীয়া ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত অন্য দিনাৰ দৰেই শুকুৰবাৰেও দুপৰীয়া কীৰ্তন পাঠ কৰি থকাৰ সময়তে হঠাতে মাটিত ঢলি পৰে ৷ লগে লগে থানত থকা ভক্তই নাথৰ পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ লোক আহি ততাতৈয়াকৈ তেওঁক নগাঁও চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা নিজকে সমাজসেৱাত নিয়োজিত কৰি ৰখা ৰবীন্দ্ৰ নাথ স্থানীয় বহুকেইটা সামাজিক,সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল ৷ অমায়িক আৰু নম্ৰ স্বভাৱৰ নাথ এগৰাকী পাঠেক হিচাপে অঞ্চলত পৰিচিত আছিল ৷ তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ ৬৫বছৰীয়া নাথে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, বোৱাৰীকে ধৰি বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ।