ভৱিষ্যতৰ কথা চিন্তা কৰি আজিকালি প্ৰায় সকলো লোকেই নানা প্ৰকল্পৰ জৰিয়তে টকা বিনিয়োগ কৰি ৰাখে।কিন্তু এই ক্ষেত্ৰত কেৱল বিনিয়োগ কৰাতকৈ, ক’ত জমা টকা বিনিয়োগ কৰিলে ভাল প্ৰতিফল পোৱা যাব সেই কথা জনাৰ অতি দৰকাৰ।
দেশৰ জনসাধাৰণৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে অটল পেঞ্চন যোজনা। এইক্ষেত্ৰত ভৱিষ্যতৰ সঞ্চয় সুৰক্ষিত হৈ থাকে। এই আঁচনিৰ এক সুবিধা অনুযায়ী স্বামী আৰু স্ত্ৰীৰ বেলেগ বেলেগ একাউন্ট থাকিলে মাহে ১০ হাজাৰ টকাৰ পেঞ্চন পাব ঘৰত বহিয়েই।
কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি বৰ্তমান বহুত জনপ্ৰিয় হৈছে। এই অটল পেঞ্চন যোজনা আৰম্ভ কৰা হৈছিল ২০১৫ চনত। ইতিমধ্যে ২ কোটিৰো অধিক মানুহে এই আঁচনিৰ বাবে নিজৰ নাম নথিভুক্ত কৰিছে। এই পেঞ্চনৰ সুবিধা লাভ কৰিবৰ বাবে কোনো বেংক অথবা পোষ্ট অফিচত টকা সঞ্চয়ৰ বাবে একাউন্ট থকা নিতান্তই প্ৰয়োজনীয়।
চলিত বৰ্ষৰ জুলাই মাহৰ ১ তাৰিখৰ পৰা অটল পেঞ্চন যোজনাৰ কাম আকৌ নতুনকৈ আৰম্ভ কৰা হৈছে। ক‘ভিড-১৯ ৰ বাবে এই যোজনাৰ কাম ৩০ জুনলৈকে স্থগিত ৰখা হৈছিল। সেই হিচাপত এপ্ৰিলৰ পৰা আগষ্ট মাহলৈকে কোনো লোকৰ ক্ষেত্ৰত এই আঁচনিৰ কোনো কাম বাকী থাকিলে ৩০ চেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি দিয়া হ’ব।
প্ৰধানমন্ত্ৰীৰ অটল পেঞ্চন যোজনাই চৰকাৰৰ নুন্যতম পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰে। ১৮ বছৰ বয়সৰ পৰা ৪০ বছৰ বয়স পৰ্যন্ত যিকোনো লোক এই আঁচনিৰ অধীনলৈ আহিব পাৰিব। কিন্তু এই ক্ষেত্ৰত কিছু নিয়ম সালসলনি কৰা হ’ব।
উক্ত আঁচনিৰ জৰিয়তে গ্ৰাহকে ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পাব পাৰে।গ্ৰাহকে সম্পূৰ্ণ ৬০ বছৰৰ পাচত এই পেঞ্চনৰ টকা পাব । আনহাতে পেঞ্চন পাবলগীয়া গ্ৰাহকজনৰ যদি কোনো কাৰণত মৃত্যু হয় তেন্তে তেঁওৰ স্বামী বা স্ত্ৰীয়ে এই টকা পাব। কিন্তু দুয়োজনৰে মৃত্যু হ’লে নমিনিত নাম থকা লোক সম্পূৰ্ণ টকাৰ অংশীদাৰ হ’ব।
উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ১ হাজাৰ, ২ হাজাৰ, ৩ হাজাৰ, ৪ হাজাৰ বা ৫ হাজাৰ টকাৰ পেঞ্চন পাব পাৰে কোনো লোকে। কোনো ব্যক্তিয়ে যদি দিনে ১০ টকা কৈ সঞ্চয় কৰে ,তেন্তে ৬০ বছৰৰ পাচত মাহে ৫ হাজাৰ টকা কৈ এবছৰত মুঠতে ৬০ হাজাৰ টকাৰ পেঞ্চন পাব সেই ব্যক্তিজনে।এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ৪২ টকাৰ পৰা ২১০ টকালৈ জমা ৰাখিব পাৰিব কোনো গ্ৰাহকে।আনহাতে স্বামী আৰু স্ত্ৰীৰ বেলেগ বেলেগ একাউন্ট থাকিলে ,দুয়োটা একাউন্টত ৫ হাজাৰ কৈ ১০হাজাৰ টকা পেঞ্চন পোৱাৰো সুবিধা আছে।
এই আঁচনিৰ অধীনত টেক্সৰ কোনো অসুবিধা নাই। এজন সদস্যৰ নামত এটাই মাথো একাউন্ট খুলিব পৰা ব্যৱস্থা আছে এই যোজনাত। প্ৰাপ্ত তথ্য মতে অটল পেঞ্চন যোজনাত পেঞ্চনৰ সৰ্বাধিক সীমা প্ৰতিমাহে ৫০০০ টকা।কিন্তু এই ক্ষেত্ৰত প্ৰতিমাহে ১০,০০০ টকাকৈ বঢ়োৱাৰ পৰিকল্পনা কৰি থকা হৈছে।