আজি হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ ওপজা দিন । ব্ৰিটিছ ভাৰতৰ ইউনাইটেড প্ৰভিন্সেজ অব আগ্ৰা এণ্ড অৱধৰ এলাহাবাদত (বৰ্তমানৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ) ১৯০৫ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । সম্প্ৰতি এই দিনটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় । ১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈ অনুষ্ঠিত আঠখন অলিম্পিকৰ সাতখনতে তেওঁৰ কৃতিত্বৰে ভাৰতীয় হকী দলে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ আত্মজীৱনী “গ’ল”ত উল্লেখ কৰা মতে তেওঁ ১৮৫খন খেল খেলি ৫৭০টা গ’ল কৰিছিল । ১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । ২০২১ চনত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানটোক তেওঁৰ নামেৰে পুনৰ নামকৰণ কৰি মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ৰখা হয় । এইগৰাকী ক্ৰীড়াবিদলৈ আমাৰ প্ৰণাম ।
আজি কবি কাজী নজৰুল ইছলামৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ধৰ্মনিৰপেক্ষ ব্যক্তি । তেওঁৰ কবিতাত বিদ্ৰোহৰ স্ফুলিংগ দেখা যায় বাবে তেওঁক বিদ্ৰোহী কবি বুলি কোৱা হয় । তেওঁৰ মানৱীয়তা, ঔপনিবেশিক শোষণ তথা বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ, ধৰ্মীয় গোড়ামিৰ বিৰোধিতা তথা নাৰী-পুৰুষৰ সমতাৰ দৃষ্টিভংগী তেওঁৰ কবিতা আৰু গীতসমূহত বিদ্যমান । ১৯২২ চনত ব্ৰিটিছ বিৰোধিতাৰ বাবে তেওঁ কাৰাবাসো খাটিছিল । তেওঁক বাংলাদেশৰ ‘জাতীয় কবি’ৰ মৰ্যাদা দিয়া হৈছে । তেওঁ গল্প, প্ৰবন্ধ আৰু উপন্যাসো ৰচনা কৰিছিল । ১৯৬০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে । ১৯৭৬ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ঢাকাত তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কণ্ঠশিল্পী তাৰিকুদ্দিন আহমেদৰ স্মৃতি দিৱস । তেওঁ আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া সংগীত শিল্পী আছিল । কমলানন্দ ভট্টাচাৰ্যৰ ‘মোৰে ফুলনিতে উৰহি পখিলী, ফুলতে পাখি লগাই…’ গীতটোৰে শ্ৰোতাৰ মাজত তেওঁৰ পৰিচিতি ঘটিছিল । কলম্বিয়া কোম্পানীয়ে ১৯৪৮ চনত তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰা ৰেকৰ্ডখনত সন্নিৱিষ্ট মলিন বৰা ৰচিত আৰু দুৰ্গা প্ৰসাদ ভূঞা সুৰাৰোপিত ‘ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান…’ গীতটো আজিও জনপ্ৰিয় হৈ আছে । তেওঁ ১৯৫৯ চনত মুক্তি লাভ কৰা ‘পূবেৰুণ’ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক আছিল । ১৯৯০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।