চলিত বর্ষৰ মেট্ৰিকৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ ছেবাই আজি ইয়াৰ ৱেবছাইটৰ জৰিয়তে কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ৷ সেই অনুসৰি কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীর্ণৰ হাৰ হৈছে ৫৩.৮০ শতাংশ ৷ এই পৰীক্ষাত অৱতীর্ণ হোৱা ২৩,৯০৩ জন পৰীক্ষার্থীৰ ভিতৰত ১২,৮৬১ জন উত্তীর্ণ হৈছে ৷ ইয়াৰে ৯৯ জনে প্ৰথম বিভাগত,৬,২৭৬ জনে দ্বিতীয় বিভাগত আৰু ৬,৪৮৬ জনে তৃতীয় বিভাগত উত্তীর্ণ হৈছে ৷ ছাত্ৰ আৰু ছাত্ৰীৰ উত্তীর্ণৰ হাৰ হৈছে ক্ৰমে -৫২.১৫ আৰু ৫৫.১৬ শতাংশ ৷