২০২২ চনৰ জুলাই মাহত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰিব। আৰু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেইলৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা।
নতুন ৰাষ্ট্ৰপতিৰ সন্ধানত থকা সময়তে ইন্টাৰনেটত চৰ্চা চলিছে যে দেশৰ নতুন ৰাষ্ট্ৰপতি হ’ব টাটা গ্ৰুপৰ স্বত্বাধিকাৰী তথা উদ্যোগপতি ৰতন টাটা।
টুইটাৰ হেছটেগত ইতিমধ্যে একাংশই ‘‘Ratan Tata 4 President”বুলি কেম্পেইন আৰম্ভ কৰিছে।
বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অক্টোবৰত ৭৬ বছৰত ভৰি দিব।আৰু ৭৫ বছৰ উৰ্ধৰ ব্যক্তিক কোনো পদ দিয়াৰ বিৰাধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।যদিও ভাৰতীয় সংবিধান অনুসৰি কোনো এজন ব্যক্তি দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাত বাধা নাই।
এতিয়া দেশৰ শাসক-বিৰাধী উভয় পক্ষৰ মাজত ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কুচকাৱাছ চলিছে যদিও অৱশ্যে ৰতন টাটাৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই ।
দেশৰ অধিক সংখ্যক লোকে ৰতন টাটা পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো কামনা কৰিছে। যিহেতু ৰতন টাটা হৈছে এনে এজন উদ্যোগপতি যি কেৱল ব্যৱসায়ৰ লগতে দেশৰ জনসাধাৰণৰ প্ৰতিটো সমস্যাৰ কথা চিন্তা কৰি আহিছে।
উল্লেখযোগ্য যে ৰতন টাটাই ভাৰতৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে কম দামত ক্ৰয় কৰিব পৰাকৈ টাটা নেন’ গাড়ী নিৰ্মাণ কৰিছিল।যাতে এটা সৰু পৰিয়াল সুৰক্ষিতভাৱে ভ্ৰমণ কৰিব পাৰে।
ইয়াৰোপৰি সাধাৰণ জীৱনশৈলী ভাল পোৱা টাটা বহুতো সামাজিক কামত জড়িত হৈ আছে।বিভিন্ন দুৰ্যোগৰ সময়ত দেশবাসীক সহায়ৰ হাত আগবঢ়োৱা টাটাক বহুতে এজন ব্যৱসায়ী বুলি নকৈ এজন সমাজকৰ্মী বুলি কবলৈ বেছি ভাল পায়।