মূৰৰ বিষ , অতি যন্ত্ৰনাদায়ক। আমাৰ কম বেছি পৰিমাণে সকলোৰে মূৰ বিষায়। কেতিয়াবা অসহ্য গৰমত , কেতিয়াবা অধিক চিন্তা কৰিলে বা বিভিন্ন কাৰণত আমাৰ কেতিয়াবা মূৰ বিষাব পাৰে। তাৰ মাজতে কিছুমানৰ মূৰৰ বিষ সদায় হৈ থাকে আৰু মূৰৰ বিষত অত্যন্ত কষ্ট পাই থকাও দেখা যায়। মূৰৰ বিষ নহ’বলৈ বা মূৰৰ বিষৰ পৰা আমি কেনেকৈ পৰিত্ৰান পাব পাৰো জানো আহক-
ৰাতিপুৱা খালি পেটত ঠাণ্ডা পানী খাব লাগে আৰু তালুত ঠাণ্ডা পানী দিয়া উচিত।
জেতুকা পাতৰ ৰস , কটাহী বেঙেনা , মাটিকাদুৰী শাক , দোৰোণ , চজিনা , মানিমুনি , সৰিয়হ শাক খোৱা উপকাৰী। ইয়াৰ উপৰিও পূৰৈশাকৰ পাতৰ বীজল কপালত সানিব লাগে। দোৰোণ বনৰ পাতৰ ৰস নাকেৰে উজাব লাগে। ছাল কুঁৱৰীৰ এখন পাত খুন্দি তালুত প্ৰলেপ দিব লাগে। এঁৱা গাখীৰ অতি উপকাৰী। হেলচি শাক মূৰত ভৰণ দিলে সুফল পাব পাৰি। কফি খালে উপকাৰ পোৱা যায়। ভীমৰাজৰ ৰস মূৰত দিব লাগে। আহাৰ , শৌচ-প্ৰস্ৰাৱ নিয়মীয়া কৰিব লাগে। ধঁপাত জাতীয় সামগ্ৰী , মাদক দ্ৰব্য পৰিহাৰ কৰিব লাগে।