ভাৰতৰ এজন আগশাৰীৰ কৃষি অৰ্থনীতিবিদ আৰু বিশিষ্ট শিক্ষাবিদ অভিজিত সেনৰ সোমবাৰে নিশা দেহাৱসান ঘটে ৷ প্ৰখ্যাত কৃষি অৰ্থনীতিবিদ আৰু পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য অভিজিত সেনৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ।
বিশিষ্ট অৰ্থনীতিবিদ গৰাকীৰ ভাতৃ প্ৰনৱ সেনে জানিবলৈ দিয়া মতে নিশা প্ৰায় ১১ বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হয় আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁলোক তাত উপস্থিত হোৱাৰ সময়লৈ শেষ নিস্বাস ত্যাগ কৰে তেওঁৰ ভাতৃ অভিজিত সেনে ৷
নতুন দিল্লীৰ এটা বঙালী পৰিয়ালত জন্ম হৈছিল সেনৰ । তেওঁ চৰ্দাৰ পেটেল বিদ্যালয় আৰু তাৰ পিছত ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডিগ্ৰী লাভ কৰিছিল। আনহাতে তেওঁ ১৯৮১ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানত ডক্টৰেড ডিগ্ৰী লাভ কৰিছিল আৰু আনহাতে তেওঁ ট্ৰিনিটি হলৰ সদস্য আছিল।
অভিজিত সেন আছিল এজন অৰ্থনীতিবিদ যি ৰাষ্ট্ৰীয় পৰিসাংখ্যিক আয়োগৰ অধ্যক্ষ আৰু ভাৰতৰ মুখ্য পৰিসংখ্যাবিদ আছিল। অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰত কৃষি ব্যয় আৰু মূল্য আয়োগ (চিএচিপি)ৰ অধ্যক্ষ হিচাপে দায়িত্বত থকা অভিজিত সেনে ২০ চনৰ জুলাইত দাখিল কৰা দীৰ্ঘম্যাদী শস্য নীতিৰ উচ্চ স্তৰীয় সমিতিৰ প্ৰতিবেদন ৰচনা কৰিছিল।
অৰ্থনীতিবিদ অভিজিত সেন, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য আৰু দেশৰ এজন আগশাৰীৰ বিশেষজ্ঞ যি চাৰি দশকতকৈও অধিক সময়ৰ বাবে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত অধ্যাপনা কৰিছিল আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী পদতো অধিষ্ঠিত হৈছিল। তেওঁ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ পৰিকল্পনা আয়োগৰ সদস্য আছিল যি সময়ত মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী আছিল।