মাত্ৰ কেইবছৰমান আগলৈ উদ্যোগপতি গৌতম আদানীৰ নাম ভাৰতৰ বাহিৰত কমসংখ্যক লোকেহে শুনিছিল। বিভিন্ন ব্যৱসায় আৰম্ভ কৰাৰ পূর্বে হীৰাৰ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰা আদানী হৈ পৰিছে বিশ্বৰ তৃতীয় ধনী ব্যক্তি।
ব্লুমবাৰ্গ বিলিয়নাৰছ সূচাংকৰ শীৰ্ষ তিনিটা স্থানত প্ৰৱেশ কৰা প্ৰথমজন = এছিয়ান ব্যক্তি হৈছে আদানী ৷ মুকেশ আম্বানী আৰু চীনৰ জেক মায়ে কেতিয়াও এই স্থানত অৱতীর্ণ হ’ব পৰা নাছিল ৷ ১৩৭.৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে আদানীয়ে ফ্ৰান্সৰ বাৰ্নাৰ্ড আৰ্নল্টক পিছ পেলাই তৃতীয় স্থান দখল কৰে ৷ সম্প্ৰতি তেওঁ ৰেংকিঙত মাত্ৰ আমেৰিকাৰ এলন মাস্ক আৰু জেফ বেজোছৰ পিছতে আছে।
৬০ বছৰীয়া আদানীয়ে যোৱা কেইবছৰমানৰ ভিতৰত ডাটা চেণ্টাৰৰ পৰা আৰম্ভ কৰি চিমেণ্ট, মিডিয়া আৰু এলুমিনালৈকে সকলো ক্ষেত্ৰতে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে ৷ এই গোটটো এতিয়া ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বন্দৰ আৰু বিমানবন্দৰ পৰিচালক, চিটি-গেছ বিতৰক আৰু কয়লা খননৰ মালিক৷
তেওঁ প্ৰথমবাৰৰ বাবে ফেব্ৰুৱাৰী মাহত আম্বানীক আটাইতকৈ ধনী এছিয়ান হিচাপে অতিক্ৰম কৰিছিল ৷ যোৱা মাহত আদানীয়ে মাইক্ৰ’ছফ্ট কৰ্পৰ বিল গেটছক অতিক্ৰম কৰিছিল বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে। আদানীয়ে বিশ্বৰ বহুসংখ্যক ধনী আমেৰিকান বিলিয়নাক অতিক্ৰম কৰিবলৈ সক্ষম হোৱাৰ কাৰণ হৈছে যে তেওঁলোকে শেহতীয়াকৈ সমজলৈ কৰা দান-বৰঙণিৰ পৰিমান বৃদ্ধি কৰিছে ৷ গেটছে জুলাই বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনলৈ ২০ বিলিয়ন ডলাৰ হস্তান্তৰ কৰিছে ৷ আনহাতে ৱাৰেন বাফেটে ইতিমধ্যে এই চেৰিটিলৈ ৩৫ বিলিয়ন ডলাৰতকৈ অধিক দান কৰিছে।
দানশীলতাৰ বাবে ব্যয় কৰা কোটি কোটি ডলাৰে তেওঁলোকক ব্লুমবাৰ্গৰ সম্পদ ৰেংকিঙত তললৈ ঠেলি দিছে। গেটছ এতিয়া পঞ্চম আৰু বাফেট ষষ্ঠ স্থানত আছে।