কেৱল ভাৰততে নহয় ,এইগৰাকী সংগীতজ্ঞ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে সমানে জনপ্ৰিয় ৷ এয়াই তাৰ এক জলন্ত উদাহৰণ ৷ এইগৰাকী প্ৰখ্যাৎ ভাৰতীয় সংগীতজ্ঞৰ নামত এইবাৰ বিদেশত নামাকৰণ কৰা হৈছে এটা পথৰ ৷
শেহতীয়াকৈ কানাডাৰ মাৰ্কাম চহৰৰ এটা পথৰ নামাকৰণ কৰা হৈছে ভাৰতৰ মহান সংগীতজ্ঞ এ.আৰ. ৰহমানৰ নামেৰে ৷ জানিবপৰা মতে মাৰ্খাম চহৰে ২০১৩ চনতে এই কথা ঘোষণা কৰিছিল যে ভাৰতীয় সংগীতজ্ঞ এ. আৰ. ৰহমানক সন্মান জনাই তাত এটা পৰ নামাকৰন কৰা হ’ব এ.আৰ.ৰহমান.পথ ৷
আনহাতে আগষ্ট মাহৰ আৰম্ভণিতে এ.আৰ.ৰহমানে এক টুইট যোগে কানাডাৰ অণ্টাৰিঅ’ মাৰ্খামৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰিছিল ৷ টুইটটোৰ যোগেদি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে তেওঁ কেতিয়াও এনেকুৱা কিবা এটা হ’ব বুলি ভবা নাছিল ৷ ৷ এই সন্মানে তেওঁক উৎসাহিত কৰাৰ লগতে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত অধিক সচেতন কৰি তুলিছে ৷
বৰ্তমান কানাডাত থকা ৫৫বছৰীয়া সংগীতজ্ঞ গৰাকীয়ে সামাজিক মাধ্যমত দেওবাৰে অনুষ্ঠিত মাইক্ৰ’ব্লগিং চাইটৰ উদ্বোধনী অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰে ৷আনহাতে নিজকে সাগৰৰ এটা সৰু টোপাল বুলি অভিহিত কৰি মহান সংগীতজ্ঞ গৰাকীয়ে ভাৰতীয় সকলক তেওঁৰ ভাই-ভনী বুলি সম্বোধন কৰি তেওঁক অনুপ্ৰাণিত কৰা ,প্ৰতি মূহুৰ্ততে উৎসাহিত কৰা প্ৰতিগৰাকী ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷
Honoured and grateful for this recognition from @cityofmarkham and @frankscarpitti and the people of Canada 🇨🇦 🇮🇳 #arrahmanstreet #markham #canada #infinitelovearr #celebratingdiversity pic.twitter.com/rp9Df42CBi
— A.R.Rahman (@arrahman) August 29, 2022