মধ্যপ্ৰদেশৰ ছত্তীশগড়ৰ ৰামদহ জলপ্ৰপাতত সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে সৃষ্টি হৈছে বৃহৎ চাঞ্চল্যৰ ৷ ৰায়পুৰৰ পৰা প্ৰায় ৩০০কিল’মিটাৰ নিলগত থকা ছত্তিশগড়ত অৱস্থিত ৰামদহ জলপ্ৰপাত অঞ্চলটোৰ এক জনপ্ৰিয় পৰ্যটনস্থলী ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই জলপ্ৰপাতটোৰ নান্দনিক দৃশ্যই সদায়েই আকৰ্ষিত কৰি আহিছে সমগ্ৰ দেশৰ পৰ্যটক সকলক ৷
জানিব পৰা মতে শেহতীয়াকৈ বহু মানুহৰ সমাগম হোৱা এই অঞ্চলটোৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ ৰামদহ জলপ্ৰপাতলৈ গৈছিল একেটা পৰিয়ালৰ প্ৰায় ১৫জন সদস্য ৷ কিন্তু দুখজনক কথা যে জলপ্ৰপাতটোত গা ধুবলৈ নমাৰ সময়তে পৰিয়ালটোৰ ৭জন সদস্য পানীত ডুব যায় আৰু এই শোকাবহ ঘটনা সংঘটিত হয় ৷ অৱশ্যে ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়া হয় আৰু ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তাৎক্ষণিক ভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও দুৰ্ঘটনাগ্ৰস্ত ৭জন লোকৰ ৬জন লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ তেওঁলোকৰ এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
আৰক্ষীয়ে ইতিমধ্যে নিহত ব্যক্তিকেইজনৰ তিনিগৰাকীৰ নাম প্ৰকাশ কৰিছে ৷ তেওঁলোক হ’ল ক্ৰমে শ্বেতা সিং(২২),শ্ৰদ্ধা সিং(১৪) আৰু অভয় সিং(২২)৷
গুৰুত্বপূৰ্ণ যে কঠোৰ সুৰক্ষা বেষ্টনীৰ মাজত থকা স্বত্বেও কেনেকৈ এই শোকাবহ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে তাকে লৈ দেশৰ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে ৷ আনহাতে এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷ আনফালে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নিহত ব্যক্তি কেইগৰাকীৰ মৃতদহ ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতেই নিহত কেইজনৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷