আমেথিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সৈতে ফোনযোগে কথা পতাৰ সময়ত তেওঁক চিনিব নোৱাৰাৰ বাবে এজন লেখপাল (চৰকাৰী কেৰাণী)ৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত ৷ ঘটনাৰ বিবৰণী অনুসৰি মুছাফিৰখানা তহচিলৰ অন্তৰ্গত পুৰে পাহলৱান গাঁৱৰ এজন বাসিন্দাই ২৭ আগষ্টত ইৰাণীক এখন অভিযোগ পত্ৰ দিছিল ৷ য’ত তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ শিক্ষক পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ সাবিত্ৰী দেৱী পেঞ্চনৰ অধিকাৰী। কিন্তু তেওঁ পেঞ্চন লাভ কৰা নাই ৷ কাৰণ দীপক নামৰ কেৰাণীজনে যাৱতীয় নথি পত্ৰৰ পৰীক্ষণ সম্পূর্ণ নকৰাৰ বাবেই পেঞ্চন লাভ কৰা নাই বুলি কৰুণেশে অভিযোগ কৰে।
এই পত্ৰৰ পিছত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী ইৰাণীয়ে কেৰাণীজনলৈ ফোন কৰে ৷ কিন্তু কেৰাণীজনে মন্ত্ৰীগৰাকীক চিনি পাবলৈ সমর্থ নহ’ল ৷ আমেথিৰ মুখ্য উন্নয়ন বিষয়া (চিডিঅ’) অংকুৰ লাথাৰে সোমবাৰে সদৰী কৰে যে কৰুণেশৰ পত্ৰ অনুসৰি মুছাফিৰখানাৰ লেখপাল দীপকৰ কর্তব্যত গাফিলতিৰ ঘটনা বুলি নিশ্চিত হৈছে ৷ তেওঁ নিজৰ কৰ্তব্য পালন কৰা নাই।
লাথাৰে কয় যে মুছাফিৰখানাৰ মহকুমাধিপতিক বিষয়টোৰ তদন্ত কৰিবলৈ কোৱা হৈছে ৷ এই তদন্তৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুছাফিৰখানা তহচিলৰ অধীনত গৌতমপুৰ গাঁওসভাত কর্মৰত হৈ আছে দীপক ৷