উত্তৰ প্ৰদেশত হিংসাত্মক ঘটনাত অভিযুক্তৰ বিৰুদ্ধে বুলড’জাৰ ব্যৱহাৰ কৰাক লৈ বিতর্ক চলি আহিছে ৷ কিন্তু প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে স্বামীয়ে ঘৰৰ পৰা উলিয়াই দিয়া এগৰাকী মহিলাক সহায় কৰাৰ বাবে বুলড’জাৰ ব্যৱাৰ কৰা ঘটনাই ব্যাপক চর্চা লাভ কৰিছে ৷
ঘটনাৰ বিবৰণী অনুসৰি ২০১৭ চনত বিবাহপাশত আবদ্ধ হোৱাৰ কিছুদিন পিছতে স্বামীৰ পৰিয়ালে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল নুতন মালিক নামৰ মহিলা গৰাকীক ৷ মহিলা গৰাকীৰ পিতৃয়ে সদৰী কৰা অনুসৰি স্বামীৰ পৰিয়ালে ৫ লাখ টকা আৰু এখন বলেৰো গাড়ী যৌতুক হিচাপে দাবী কৰিছিল। এই দাবী পূৰণ নকৰাৰ বাবে নুতনক স্বামী গৃহৰ পৰিয়ালে ঘৰৰ পৰা উলিয়াই দিয়ে ৷ ২০১৯ চনৰ পৰা মহিলা গৰাকীয়ে পিতৃগৃহত বাস কৰি আহিছে ৷ ইয়াৰ পাছত নুতন আদালতৰ দ্বাৰস্থ হয় ৷ আদালতে তেওঁক স্বামীগৃহত থাকিবলৈ অনুমতি দিয়ে ৷ কিন্তু তেওঁৰ স্বামীৰ পৰিয়ালে আদালতৰ নিৰ্দেশ মানি নল’লে ৷ যাৰ বাবে নুতন উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে নুতনক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্বামীগৃহত থাকিবলৈ অনুমতি দিয়ে ৷
ইয়াৰ পাছত আৰক্ষীৰ সহায়ত নুতন স্বামী গৃহত উপস্থিত হয় ৷ ইয়াৰ পাছতো এঘণ্টাতকৈয়ো অধিক সময় নুতনক দর্জা খুলি নিদিলে স্বামীগৃহৰ পৰিয়ালে ৷ যাৰ বাবে বুলড’জাৰ লৈ নুতনৰ স্বামী গৃহত উপস্থিত হয় আৰক্ষী ৷
বিজনোৰ মহানগৰীৰ আৰক্ষী অধীক্ষক প্ৰবীণ ৰঞ্জন সিঙে জনোৱা মতে, আৰক্ষীৰ দলটোৱে মহিলাগৰাকীক পুনৰ শহুৰেকৰ ঘৰত সোমাবলৈ সহায় কৰে আৰু বৰ্তমান পৰিস্থিতি স্বাভাৱিক। বুলড’জাৰ ব্যৱহাৰৰ সন্দৰ্ভত তেওঁ কয় যে পৰিয়ালে মহিলাগৰাকীক ভিতৰলৈ সোমাবলৈ দিবলৈ সন্মত নোহোৱাৰ বাবে আৰক্ষীয়ে বল প্ৰয়োগ কৰিছিল।