কেআৰকে নামেৰে জনাজাত অভিনেতা কমল আৰ খানক মঙলবাৰে পুৱা মালাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০২০ চনত তেওঁৰ বিতৰ্কিত ছ’চিয়েল মিডিয়া পোষ্টৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে কমল আৰ খানক ৷ উপলব্ধ তথ্য অনুসৰি মঙলবাৰে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে কমল খানক গ্ৰেপ্তাৰ কৰা হয়। আজি তেওঁক মুম্বাইৰ বৰভালি আদালতত হাজিৰ কৰা হ’ব।
২০২০ চনৰ ৩০ এপ্ৰিলত যুৱসেনা নেতা ৰাহুল কানালে দাখিল কৰা এজাহাৰত অভিযোগ কৰিছিল যে প্ৰয়াত ইৰফান খান আৰু ঋষি কাপুৰৰ ওপৰত কেআৰকেৰ টুইটে সমাজত “ঘৃণা” বিয়পাব পাৰে ৷ ৰাহুল কানালে এইবুলিও অভিযোগ কৰিছিল যে কমল আৰ খান নামৰ এজন ব্যক্তিয়ে নিয়মীয়াকৈ ছ’চিয়েল মিডিয়াত ঘৃণা বিয়পাই আহিছে।বিভিন্ন সময়ত বিতর্কিত টুইটেৰে সংবাদ শিৰোনাম দখল কৰি আহিছে কমল খানে ৷