অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামেৰে প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ে সোমবাৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সংবাদমেলৰ আয়োজন কৰে । ২০১৪ বৰ্ষৰে পৰা নগাঁৱৰ মূল চৌহদত পাঠদান আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনক শেহতীয়াকৈ ৰাজ্য চৰকাৰে পাঁচটা নতুন গোট খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে বিশ্ববিদ্যালয়খনে চলিত বৰ্ষৰে পৰা ধুবুৰীৰ ডুমৰদহ, বালাজানত বিশ্ববিদ্যালয়খনৰ আন এটা গোটত পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । বিশ্ববিদ্যালয়খনৰ এই নতুন গোট সম্পৰ্কত আয়োজন কৰা সংবাদমেল সম্বোধন কৰে বিশ্ববিদ্যালয়খনৰ সঞ্চালক (বিত্ত আৰু পৰিকল্পনা) তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,উপ পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰকান্তি সৰকাৰ,সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মাই ৷
এই সংবাদমেলতে বিশ্ববিদ্যালয়খনৰ উপস্থিত ব্যক্তিকেইজনে সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে আৰু গোটৰ উত্তৰণৰ বাবে বিভিন্ন দিহা-পৰামৰ্শৰ কামনা কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পটভূমি সম্পৰ্কে বিশদ বিৱৰণ আগৱঢ়ায় । সংবাদমেলত বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ নতুন শৈক্ষিক বৰ্ষৰে পৰা সংযোজন কৰিবলগীয়া নতুন বিষয়সমূহৰ বিষয়ে অৱগত কৰে ৷ বিশ্ববিদ্যালয়খনে চলিতবৰ্ষৰে পৰা আৰম্ভ কৰিব স্নাতকোত্তৰ মহলাৰ বাবে অসমীয়া,ইংৰাজী, অৰ্থনীতি,শিক্ষাতত্ব,দৰ্শন আৰু ৰাজনীতি বিজ্ঞান বিষয় । তেওঁলোকে জনোৱা মতে ধুবুৰী ইউনিটতে শিক্ষাৰ্থীসকলে অনাগত সময়ছোৱাত পি.এইচ.ডি কৰাৰো সুবিধা লাভ কৰিব ৷ সংবাদমেলত উপস্থিত থাকি বাবুল বৰাই বিশ্ববিদ্যালয়খন মূল্যবোধ তথা গুণগত শিক্ষা প্ৰদানৰ বাবে দায়বদ্ধ বুলি কোৱাৰ লগতে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীক সৰ্বগুণসম্পন্ন কৰি তুলিব বুলি মতপোষণ কৰে ৷ তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ মূল চৌহদৰ লগতে কেউটা ইউনিটৰে সামগ্ৰিক উন্নতিৰ বাবে ৰাজ্য চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আৰু শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে গ্ৰহণ কৰা পদক্ষেপক বিশেষ ভাৱে শলাগ লয় ৷
উল্লেখ কৰিব পাৰি যে নগাঁৱৰ মূল চৌহদ,গুৱাহাটী গোটৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনৰ যোৰহাট,ধুবুৰী ইউনিটতো চলিত বৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিব ৷ সৱিশেষ তথা নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়খনৰ ৱেবচাইট mssv.ac.in অথবা ৮৬৩৮৯০৯১০৩,৮০১১৭৭৫৯৩৩ (কৃষ্ণ কান্ত ৰায়, ধুবুৰী গোটৰ কাৰ্যালয় সহায়ক) নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই সংবাদ মাধ্যমযোগে অৱগত কৰে ৷