মধ্যপ্ৰদেশৰ এগৰাকী ২৫ বছৰীয়া দৃষ্টিহীন চফটৱেৰ অভিযন্তাই তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰ’ছফ্টৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে ৷ বাৰ্ষিক ৪৭ লাখ টকা দৰমহাসহ তেওঁক চাকৰিৰ প্ৰস্তাৱ প্ৰদান কৰিছে প্ৰতিষ্ঠানটোৱে ৷ চাকৰিৰ প্ৰস্তাৱ লাভ কৰা য়ছ ছোনাকিয়াই ইন্দোৰস্থিত চৰকাৰী সাহায্যপ্ৰাপ্ত স্বতন্ত্ৰ প্ৰতিষ্ঠান শ্ৰী গোবিন্দ্ৰম চেকছাৰিয়া ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড চাইন্স (এছজিএছআইটিএছ)ৰ পৰা ২০২১ চনত বি টেক ডিগ্ৰী লাভ কৰা বুলি প্ৰতিষ্ঠানটোৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
সংবাদ প্ৰতিষ্ঠান পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ছোনাকিয়াই কয় যে তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু শীঘ্ৰেই কোম্পানীটোৰ বেংগালুৰু কাৰ্যালয়ত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিব ৷ অৱশ্যে প্ৰথম অৱস্থাত তেওঁক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে। মাত্ৰ আঠ বছৰ বয়সতে গ্ল’ক’মাৰ ফলত চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল ছোনাকিয়াই ৷
তেওঁ কয় “স্ক্ৰীণ-ৰিডাৰ চফটৱেৰৰ সহায়ত পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত মই চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিলো আৰু ক’ড শিকি মাইক্ৰ’ছফ্টত আবেদন কৰিছিলো। অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰৰ পিছত মই চফটৱেৰ ইঞ্জিনিয়াৰৰ পদৰ বাবে নিৰ্বাচিত হৈছো।” চহৰখনত কেণ্টিন চলোৱা ছোনাকিয়াৰ পিতৃ যশপালে কয় যে জন্মৰ এদিন পিছত তেওঁৰ পুত্ৰৰ গ্ল’ক’মা ধৰা পৰিছিল, যাৰ বাবে তেওঁৰদৃষ্টিশক্তি অতি কম আছিল।
যশপালে কয় –“ মোৰ ল’ৰাৰ আঠ বছৰ বয়সত চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰাই গৈছিল, কিন্তু তেওঁ চফটৱেৰ ইঞ্জিনিয়াৰ হ’ব বিচাৰিছিল ৷ আমি এইক্ষেত্ৰত হাৰ নামানিলোঁ। পঞ্চম শ্ৰেণীলৈকে বিশেষভাৱে সক্ষম শিশুৰ বাবে এখন বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু পিছলৈ তেওঁক নিয়মীয়া বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হৈছিল ৷য’ত তেওঁৰ এগৰাকী ভগ্নীয়ে তেওঁক বিশেষকৈ গণিত আৰু বিজ্ঞানত সহায় কৰিছিল ৷ য়ছ মোৰ ডাঙৰ ল’ৰা আৰু তেওঁৰ বাবেও মোৰ সপোন আছিল। বহু সংগ্ৰামৰ অন্তত অৱশেষত তেওঁৰ পেছাদাৰী চফটৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন বাস্তৱায়িত হ’ল।”