অত্যন্ত উন্নত প্ৰযুক্তিসম্পন্ন চিনুক হেলিকপ্টাৰত বিসংগতিৰ আশংকা প্ৰকাশ কৰিছে আমেৰিকাই ৷ ইঞ্জিনত অগ্নিকাণ্ডৰ আশংকাত আমেৰিকান সেনাই ১৯৬০ চনৰ পৰা যুদ্ধক্ষেত্ৰৰ ব্যৱহাৰ কৰি অহা দেশখনৰ আটাইকেউখন চিনুক হেলিকপ্টাৰৰ উৰণ সাময়িকভাৱে বন্ধ ৰাখিছে ৷ ৱাল ষ্ট্ৰীট জাৰ্নেলে এই সন্দর্ভত বাতৰি প্ৰকাশ কৰি কয় যে সাৱধানতাৰ বাবে এনে চৰম পদক্ষেপ লোৱা হৈছে।
উল্লেখ্য যে ভাৰতত প্ৰায় ১৫ খন চি এইচ-৪৭ চিনুক হেলিকপ্টাৰ আছে। যোৱা কেইবছৰমানৰ পৰা লাডাখ আৰু ছিয়াচেন আদিৰ দৰে বৰফাবৃত অঞ্চলসমূহত নিয়োজিত ভাৰতীয় বাহিনীক এয়াৰলিফ্ট অভিযানৰ বাবে এই হেলিকাপ্টাৰ সঘনাই ব্যৱহাৰ কৰি আহিছে ৷
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে লাভ কৰিছিল প্ৰথম চিনুক হেলিকপ্টাৰ।বয়িঙে ২০২০ চনত ভাৰতীয় বায়ুসেনাক ১৫ খন চিনুক হেলিকপ্টাৰ যোগান ধৰাৰ কাম সম্পূৰ্ণ কৰিছিল।আমেৰিকান সেনাৰ এনেধৰণৰ প্ৰায় ৪০০ খন হেলিকপ্টাৰ আছে।
ইফালে, চিনুক হেলিকপ্টাৰৰ অভিযান বন্ধ কৰাৰ লগে লগে চিন্তিত হৈ পৰিছে ভাৰত ৷ চিনুক হেলিকপ্টাৰ উৰণ বাতিলৰ আঁৰৰ কাৰণ সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই আমেৰিকাৰ প্ৰতিৰক্ষা নিৰ্মাতা কোম্পানী বয়িঙৰ পৰা সবিশেষ তথ্য বিচাৰিছে।
চৰকাৰী বিষয়াসকলে সংবাদ মাধ্যমৰ আগত কয় , “ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰ এতিয়াও কাৰ্যক্ষম হৈ আছে। ইঞ্জিনত জুই লগাৰ আশংকা থকাৰ বাবে আমেৰিকান সেনাৰ চিনুক চি এইচ-৪৭ হেলিকপ্টাৰৰ উৰণ বাতিল সন্দর্ভত সৱিশেষ তথ্য বিচৰা হৈছে ৷ “ চিনুক হেলিকপ্টাৰ উত্তৰ-পূবৰ অঞ্চলসমূহৰ সুৰক্ষাৰ বাবে এটা ইউনিট অসমত স্থাপন কৰা হৈছে ৷