আজি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰাৰ লগতে মুখ্য সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব অতিৰিক্ত মুখ্য সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পৱন কুমাৰ বৰঠাকুৰে ৷
১৯৮৯চনত আই এ এছ বিষয়া হিচাপে ৰাজ্যৰ প্ৰাশাসনত যোগদান কৰা পৱন কুমাৰ বৰঠাকুৰ ছাত্ৰাৱস্থাৰ পৰাই আছিল তীক্ষ মেধসম্পন্ন ৷ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে স্থান দখল কৰিবলৈ সক্ষম হোৱা বৰঠাকুৰে পৰৱৰ্তী সময়তো শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷
উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সফলতাৰে বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা বৰঠাকুৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগতো কাৰ্যনিৰ্বাহ কৰিছে ৷
এক চৰকাৰী জাননী অনুসৰি মুখ্য সচিব জিষ্ণু বৰুৱাৰ অৱসৰৰ পিছত আজি ৰাজ্যৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পৱন কুমাৰ বৰঠাকুৰে ৷আনহাতে মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত দুবছৰৰ বাবে এপিডিচিএলৰ অধ্যক্ষ হিচাপে দায়িত্বত থাকিব জিষ্ণু বৰুৱা ।
মধ্য অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ বাসিন্দা পৱন কুমাৰ বৰঠাকুৰঅসম-মেঘালয় কেডাৰৰ ১৯৮৯ বেচৰ এজন আইএএছ বিষয়া ।